কংগ্ৰেছ-AIUDFৰ মাজত কি চলিছে সেয়া কোৱাই টান হৈ পৰিছে ৷ কংগ্ৰেছে যদি কৈছে AIUDF শেষ হ'ব, ঠিক একে সুৰতে AIUDFএ কৈছে কংগ্ৰেছ আৰু নাথাকিব ৷ এইবাৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে ক'লে- AIUDFলৈ আহিব ফুল ষ্টপ ৷ লগতে চূড়ান্ত সাম্প্ৰদায়িকতাৰে নিজৰ চৰিত্ৰ উন্মোচন কৰি ক'লে- 'মুছলমানক ৰক্ষা কৰা কংগ্ৰেছৰ এজেণ্ডা ৷'
কংগ্ৰেছ-AIUDFৰ মাজৰ কথাবোৰ এতিয়া চৰম পৰ্যায়ত ৷ কোনোবাই যদি কংগ্ৰেছৰ বিধায়ক AIUDFলৈ আহিব আন কোনোবাই কৈছে AIUDF দলটো শেষেই হৈ যাব ৷ আনকি মুছলমানৰ ৰক্ষক কোনটো দল হ'ব তাক লৈও চলিছে কথাৰ কটাকটি ৷ বদৰুদ্দিন আজমলৰ পৰা দলটোৰ বিধায়ক কৰিমুদ্দিন বৰভূঞালৈকে নেতাই ভিন্ন সময়ত কংগ্ৰেছ দলটোৰ অধিকাংশ বিধায়কৰ হাত এৰি তলা-চাবিলৈ আহিব বুলি দাবী কৰি আহিছে ৷
ভৱিষ্যদ্বাণী কৰি আহিছে ২০২৪ত AIUDFৰ টিকটত ৫ৰ পৰা ছজন কংগ্ৰেছী বিধায়ক লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৷ ২০২৬ৰ পিছত ছিংগল ডিজিটতহে থাকিব কংগ্ৰেছ ৷ এনে সময়তে পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সোমবাৰে AIUDFৰ ফুল ষ্টপ আহিব বুলিয়েই কৰিলে দাবী ৷
"AIUDFৰ কৰ্মীয়েই দাবী কৰিব ৷ সমৰ্থকেই দাবী কৰিব সকলোকে কংগ্ৰেছত যোগদান কৰিবলৈ ৷ দলটোৰ বিধায়ক, সাংসদ সকলো আহিব কংগ্ৰেছলৈ ৷ বিজেপিৰ পৰা নিস্তাৰ পাবলৈ কংগ্ৰেছেই একমাত্ৰ বিকল্প ৷ আজমলো আমাৰ দললৈ আহিব ৷" —আব্দুৰ ৰছিদ মণ্ডল। একেদৰে পশ্চিম গোৱালপাৰাৰ বিধায়ক ৰছিদ মণ্ডলে মুছলমানক ৰক্ষা কৰাটো কংগ্ৰেছৰ এজেণ্ডা আৰু মুছলমানৰ স্বাৰ্থত মুছলমান বিধায়ক দল নিৰ্বিশেষে এক হ'ব লাগিব বুলি মন্তব্য কৰিলে ৷
মণ্ডলে কৰা মন্তব্যৰ সমালোচনা কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে এইদৰে, "আমি ধৰ্ম নিৰপেক্ষ দল ৷ আমি কোনো সম্প্ৰদায়ক লৈ ৰাজনীতি নকৰোঁ ৷ মুছলমান বিধায়ক এক হ'বলগীয়া কি কথা আছে ৷ বিধায়কে ধৰ্ম নিৰপেক্ষতা বজাই ৰাখিব লাগিব৷" এনেকৈয়ে কংগ্ৰেছ AIUDFৰ এই ৰাজনীতি এতিয়া চৰ্চিত ৷ কোনোবাই কয় কংগ্ৰেছ সংকটত কোনোবাই কয় AIUDF।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।