• Home
  • »
  • News
  • »
  • assam
  • »
  • Chirang : চিৰাঙত তেল ডিপোত কৰ্মচাৰীৰ মৃতদেহ, দুই আহত যুৱকৰ লগতে উদ্ধাৰ টকাভৰ্তি বেগ, ৰহস্য ভেদিবলৈ CIDৰ দল ৰাওনা

Chirang : চিৰাঙত তেল ডিপোত কৰ্মচাৰীৰ মৃতদেহ, দুই আহত যুৱকৰ লগতে উদ্ধাৰ টকাভৰ্তি বেগ, ৰহস্য ভেদিবলৈ CIDৰ দল ৰাওনা

আহত দুয়ো বৰ্তমান চিকিৎসালয়খনৰ আইচিইউত চিকিৎসাধীন বাবে আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই ৷

আহত দুয়ো বৰ্তমান চিকিৎসালয়খনৰ আইচিইউত চিকিৎসাধীন বাবে আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই ৷

আহত দুয়ো বৰ্তমান চিকিৎসালয়খনৰ আইচিইউত চিকিৎসাধীন বাবে আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই ৷

  • Share this:
চিৰাঙৰ  তেল ডিপোৰ কৰ্মচাৰীক হত্যা ৷ আহত অৱস্থাত উদ্ধাৰ টেংকাৰ চালক আৰু খালাচী ৷ সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷ পুৱতিনিশা কাজলগাঁওস্থিত ইণ্ডিয়ান অইল তেল ডিপোত মাৰপিট সংঘটিত হোৱাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল উপস্থিত হয় ৷

আৰক্ষী উপস্থিত হৈ সুভাষ খামটি নামৰ ডিপোৰ ছেলচমেন এজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে টিংকু সিংহ নামৰ টেংকাৰ চালক এজনৰ লগতে জিতেন্দ্ৰ সিং নামৰ খালাচী এজনকো সংকটজনক অৱস্থাত উদ্ধাৰ কৰে।

আহত দুয়োকে আৰক্ষীয়ে বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহত দুয়ো বৰ্তমান চিকিৎসালয়খনৰ আইচিইউত চিকিৎসাধীন হৈ থকাৰ ফলত আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই ৷ ইতিমধ্যে জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

আৰক্ষীয়ে হত্যাৰ আঁৰত সাধাৰণ মাৰপিট নে পৰিকল্পিত হত্যাকাণ্ড সেই তথ্য উদঘাটন কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ ডিপোৰ চৌহদত এটা টকাভৰ্তি বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে ডিপো চৌহদ ছীল কৰি সাধাৰণ লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ৷ ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীৰ পৰা চিআইডিৰ দল চিৰাং অভিমুখে ৰাওনা হৈছে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি