প্ৰেমিকাৰে অন্তৰংগ মুহুৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিছিল যুৱকজনে।
প্ৰেমিকাৰে অন্তৰংগ মুহুৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিছিল যুৱকজনে।
মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা, নুনমাটিত এজন যুৱকৰ ৰহস্যজনক মৃত্যু।
নুনমাটিৰ ভৱানীপুৰত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱকজনৰ নাম পিংকু দাস বুলি জানিব পৰা গৈছে।
প্ৰেমজনিত কাৰণত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। তথ্য অনুসৰি, হাতীগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱকজনৰ। যুৱতীগৰাকীৰ সৈতে থকা অন্তৰংগ মুহুৰ্তৰ ফটো সামাজিক মাধ্যমত (social media) ভাইৰেল কৰিছিল যুৱকজনে।
ঘটনা সন্দৰ্ভত পিংকু দাসৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে হাতীগাঁও থানাত দাখিল কৰিছিল এজাহাৰ। হাতীগাঁও আৰক্ষীয়ে বিচাৰি আছিল পিংকু দাসক। কিন্তু নুনমাটিত যুৱকজনৰ ৰহস্যজনক মৃত্যু হয়। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|