• Home
  • »
  • News
  • »
  • assam
  • »
  • Numaligarh: নুমলীগড়ত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজিত লোকে স্বামী ঘৰৰ চোতালতে জ্বলালে মৃতদেহ

Numaligarh: নুমলীগড়ত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজিত লোকে স্বামী ঘৰৰ চোতালতে জ্বলালে মৃতদেহ

দীৰ্ঘদিন ধৰি যৌতুকৰ বাবে বোৱাৰী গৰাকীক স্বামীয়ে  অত্যাচাৰ চলোৱাৰ অভিযোগ । 

দীৰ্ঘদিন ধৰি যৌতুকৰ বাবে বোৱাৰী গৰাকীক স্বামীয়ে  অত্যাচাৰ চলোৱাৰ অভিযোগ । 

দীৰ্ঘদিন ধৰি যৌতুকৰ বাবে বোৱাৰী গৰাকীক স্বামীয়ে  অত্যাচাৰ চলোৱাৰ অভিযোগ । 

  • Share this:
নুমলীগড়ত এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি চৰম উত্তেজনা অব্যাহত আছে। বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে স্বামীঘৰৰ  চোতালতে জ্বলায় মৃতদেহ। দীৰ্ঘদিন ধৰি যৌতুকৰ বাবে বোৱাৰীগৰাকীক স্বামীয়ে  অত্যাচাৰ চলোৱাৰ অভিযোগ উঠাৰ পিছত তেওঁৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজিত ৰাইজে এই কাৰ্য কৰে।

এই ঘটনা নুমলীগড়ৰ (Numaligarh) মৰঙীৰ পাটকীয়াত সংঘটিত হৈছে। শুক্ৰবাৰে নিশা নিজ স্বামী মুনিন বৰাৰ নিজ  ঘৰৰ ভিতৰত ৰহস্যজনকভাৱে  চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল বৈষ্ণৱী(বৰা) দাস নামৰ বোৱাৰীগৰাকীৰ ( mysterious death of wife)। বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে এয়া  এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি  এজাহাৰ দাখিল কৰিছিল আৰক্ষী থানাত।

উত্তেজিত লোকে স্বামী মুনিন বৰাৰ ঘৰৰ চোতালতে মৃতদেহ জ্বলাই  সৎকাৰ কৰে বৈষ্ণৱীৰ। দীৰ্ঘদিন ধৰি বোৱাৰীগৰাকীক যৌতুকৰ বাবে স্বামী মুনিন বৰাই  অত্যাচাৰ কৰি অহাৰ অভিযোগ কৰিছিল পৰিয়ালে। আৰক্ষীয়ে ইতিমধ্যে  স্বামী মুনিন বৰাক আটক কৰি অব্যাহত ৰাখিছে তদন্ত। ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি