ভাৰতীয় নৌ-সেনা বাহিনীত কৰ্মৰত এজন বিষয়াৰ পত্নীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আজি সোণাৰিত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে নিশা সেনা, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়। উল্লেখ্য যে ভাৰতীয় নৌ সেনা বাহিনীত কৰ্মৰত বিষয়া তথা আইদেউপুখুৰী হৰিজন বস্তিৰ যুৱক হৰিশ থাপাৰ পত্নীৰ কালি শ্ৰীলংকাত (SriLanka) এক ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়।
নৌ সেনা বিষয়া হৰিশ থাপাই তেওঁৰ পত্নী (Indian Navy officers wife) ঈষাই কালি আত্মহত্যা কৰা বুলি পৰিয়ালক জনায় আৰু মৃতদেহ অন্তিম সৎকাৰৰ বাবে গাঁৱৰ ঘৰলৈ অনা হৈছে বুলি কয়। ইফালে, নৌ সেনা বিষয়াৰ পত্নীৰ মৃত্যুৰ ঘটনাক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে ঈষাৰ পৰিয়ালে। ঈষাক পৰিকল্পিতভাৱে হত্যা কৰা বুলি দাবী কৰি বিয়লি ভাগত পাঁচ শতাধিক যুৱক-যুৱতীয়ে নৌ সেনা বিষয়া হৰিশ থাপাৰ গৃহ গাঁৱলৈ আহি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ঈষা হত্যাকাণ্ডৰ তদন্ত দাবী কৰি হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰৰ দাবী তোলে। উত্তেজিত ৰাইজে ঘৰলৈ আনি থকা ঈষাৰ শৱদেহ স্বামীগৃহৰ চোতালত সৎকাৰ কৰিব বুলি হুংকাৰ দিয়াত পৰিস্থিতি বেয়াৰ ফালে যোৱাৰ আশংকাই দেখা দিয়ে। পাছত চৰাইদেউ আৰক্ষীৰ (charaidew Police) তৎপৰতাত পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হয়। ইফালে ঈষাৰ পৰিয়ালৰ তৰফৰ পৰা স্বামী হৰিশ থাপাৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত (Sonari Police station) এজাহাৰ দাখিল কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|