বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ অহোপা (নাহৰবাৰী) গাঁৱৰ বহিঃৰাজ্যত কৰ্মৰত চিআৰপিএফৰ জোৱান এগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ গাঁওখনৰ সৰ্বেশ্বৰ দাসৰ কনিষ্ঠ পুত্ৰ ৰতন দাস (৪২) নামৰ চিআৰপিএফৰ জোৱানজনে ঝাৰখণ্ডৰ গিৰিধ জিলাৰ মধুবনত চিআৰপিএফৰ ১৫৪নং বেটেলিয়নৰ শিবিৰত বৃহস্পতিবাৰে দিনৰ ভাগত মূৰত গুলীয়াই আত্মহত্যা কৰা বুলি কৰ্মৰত স্থানৰ পৰা বিভাগীয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।
বিভাগীয় কৰ্তৃপক্ষই জোৱানজনে আত্মহত্যা কৰা বুলি অৱগত কৰিলেও পৰিয়ালৰ লোকে ঘটনাটোক সহজভাৱে মানি ল'ব পৰা নাই ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, অতি নম্ৰ আৰু অমায়িক স্বভাৱৰ ৰতনে সদায় হাঁহি-ধেমালিৰে পৰিয়ালৰ সৈতে কথা-বতৰা পাতি আহিছিল ৷ আনকি মৃত্যুৰ দিনাও পুৱা মৃত ৰতনে পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা পাতিছিল বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক অৱগত কৰে ৷ ২০০৩ চনতে চিআৰপিএফত ভৰ্তি হোৱা ৰতনে ৬ মাহ পূৰ্বে ঘৰৰ পৰা গৈ ঝাৰখণ্ডৰ মধুবনৰ উক্ত শিবিৰত যোগদান কৰিছিল ৷
ইতিমধ্যে ৰতনে নিজৰ বিয়াৰ বাবেও সকলো প্ৰস্তুতি চলাই অহা আহিন মাহত ঘৰলৈ ছুটীত আহি বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল ৷ পৰিয়ালৰ লোকে জোৱানজনক তেওঁৰেই সতীৰ্থই কৰ্মস্থানতে গুলীয়াই হত্যা কৰা বুলি গুৰুতৰ অভিযোগ কৰে ৷ আজি মৃত জোৱানজনৰ মৃতদেহ বিমানযোগে ঝাৰখণ্ডৰ পৰা ঘৰলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ ইপিনে মৃতদেহৰ সৈতে তেওঁৰ ম'বাইল ফোন আৰু চিআৰপিএফৰ কোনো উচ্চপদস্থ বিষয়া অহা নেদেখি বিষয়টো অধিক ৰহস্যঘন কৰি তোলাৰ লগতে পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে মৃতদেহটো চমজি নোলোৱাৰ হুংকাৰ দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। পিছত বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস আৰু আৰক্ষীৰ লোক উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|