• Home
  • »
  • News
  • »
  • assam
  • »
  • Mysterious Death: এসপ্তাহত এটা পৰিয়ালৰ তিনিজনৰ ৰহস্যজনক মৃত্যু! বৰপেটাৰোডত এক চাঞ্চল্যকৰ ঘটনা

Mysterious Death: এসপ্তাহত এটা পৰিয়ালৰ তিনিজনৰ ৰহস্যজনক মৃত্যু! বৰপেটাৰোডত এক চাঞ্চল্যকৰ ঘটনা

  • Share this:
বৰপেটাৰোডৰ সমীপৰ উত্তৰ চাফাকামাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ এসপ্তাহৰ ভিতৰতে একেটা পৰিয়ালৰ তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৪জন লোক গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ চাফাকামাৰৰ আব্দুৰ ৰহমানৰ ঘৰত ৷

মাত্ৰ এটা সপ্তাহৰ ভিতৰত আব্দুল ৰহমানৰ পত্নী, কন্যা আৰু নাতিনীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে বৃহস্পতিবাৰে আব্দুৰ ৰহমানৰ পৰিয়ালৰ আন চাৰিজন সদস্য ক্ৰমে আনোৱাৰা বেগম, ১২ বছৰীয়া ৰেহেনা খাটুন, ৭ বছৰীয়া ৰাহিজুল আৰু আব্দুল ৰহমান গুৰুতৰভাৱে অসুস্থ হোৱাত বৰপেটাৰোড চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ কিন্তু তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷

এই ঘটনা কিহৰ বাবে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও খাদ্যত বিষক্ৰিয়া হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি