আলফা(স্বাঃ) আৰু অন্যান্য ভাৰতীয়মূলৰ বিদ্ৰোহীক আশ্ৰয় দিয়াৰ অভিযোগ

ম্যানমাৰত পাঁচ NSCN(K) নেতাৰ বিচাৰ প্ৰক্ৰিয়া ৬ মে'ত

news18assam
Updated:April 29, 2019, 6:00 PM IST
আলফা(স্বাঃ) আৰু অন্যান্য ভাৰতীয়মূলৰ বিদ্ৰোহীক আশ্ৰয় দিয়াৰ অভিযোগ
ম্যানমাৰত পাঁচ NSCN(K) নেতাৰ বিচাৰ প্ৰক্ৰিয়া ৬ মে'ত
news18assam
Updated: April 29, 2019, 6:00 PM IST
বিজু কুমাৰ ডেকা: আলফা (স্বাধীন), NDFB (S), KLO, PDCK, UNLF, KYKL, PLA আদি ভাৰতীয়মূলৰ বিদ্ৰোহী সংগঠনক ম্যানমাৰত আশ্ৰয় দি এতিয়া গভীৰ সংকটত নগা বিদ্ৰোহী সংগঠন NSCK(K) ৷ ভাৰতীয়মূলৰ বিদ্ৰোহী সংগঠনসমূহক নগা অধ্যুষিত অঞ্চলত আশ্ৰয় দিয়াৰ অপৰাধত ম্যানমাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পাঁচজন জেষ্ঠ NSCN(K)ৰ নেতাক ৷ গ্ৰেপ্তাৰ হোৱা পাঁচ NSCN(K)ৰ নেতাক সোমবাৰে আদালতত আৰক্ষীয়ে হাজিৰ কৰোৱাৰ পিচত আদালতে বিচাৰ প্ৰক্ৰিয়া অহা ৬ মে'ত আৰম্ভ হ'ব বুলি ঘোষণা কৰে ৷

 

উল্লেখযোগ্য যে বিগত ২৯ জানুৱাৰীত ম্যানমাৰৰ ছাগায়িঙত বাৰ্মিজ সেনাই আৰম্ভ কৰিছিল বিদ্ৰোহী বিৰোধী অভিযান ৷ নাটকীয়ভাৱে আৰম্ভ হোৱা এই অভিযানত তচনচ হৈছিল শক্তিশালী NSCN(K)ৰ টাগাত থকা মুখ্য শিবিৰ ৷ টাগাৰ পাৰ্শ্বৱতী অঞ্চলত থকা আলফা (স্বাধীন)ৰ শিবিৰো উৎখাত কৰিছিল বাৰ্মিজ সেনাই ৷ উৎখাত হৈছিল NDFB(S), KLO, PDCK, KYKL, UNLF, PLA আদি ভাৰতীয়মূলৰ বিদ্ৰোহী সংগঠনসমূহৰ শিবিৰ ৷ ইয়াৰ মাজতে বাৰ্মিজ সেনাই আটক কৰিছিল NSCN(K)ৰ পাঁচ জেষ্ঠ নেতাক ৷

 

নগা বিদ্ৰোহী সংগঠনটোৰ আলোচনাৰ মধ্যস্থতাকাৰী গোটৰ অধ্যক্ষ এইজন ইউ এন কাম, মুখপাত্ৰ ইউ য়াউ ৱান, জেষ্ঠ নেতা ইউ চাউ টেইন, য়ুং মাই আৰু য়ুং ছাইক বাৰ্মিজ সেনাই ৯ মাৰ্চত আটক কৰিছিল ৷ পৰবৰ্তী কালত সেনাই ছাগায়িঙৰ খামটি টাউনত ম্যানমাৰ আৰক্ষীৰ হাতত বিগত ২৬ মাৰ্চত গটাই দিছিল এই পাঁচ নেতাক ৷ ইতিমধ্যে দুবাৰকৈ আদালতত হাজিৰ কৰোৱা হৈছে এই পাঁচ নেতাক ৷ সোমবাৰে ম্যানমাৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে দিন ঘোষণা কৰে ৷ এই হিচাপত অহা ৬ মে'ত আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া

 

মুখ্যত: ভাৰতীয়মূলৰ বিদ্ৰোহী সংগঠনক দেশখনৰ নগা অধ্যুষিত অঞ্চলত আশ্ৰয় দিয়া, সামৰিক প্ৰশিক্ষণ দিয়াৰ সুবিধা কৰি দিয়া আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাত অৰিহণা যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল এই পাঁচ NSCN(K)ৰ নেতা ৷ পাঁচ নেতাৰ বিৰুদ্ধে ম্যানমাৰৰ সংবিধানৰ Article 17/1 ভংগ কৰা অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি