• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম-মণিপুৰৰ ২২জন বিদ্ৰোহীক ভাৰতৰ হাতত গটালে ম্যানমাৰে

অসম-মণিপুৰৰ ২২জন বিদ্ৰোহীক ভাৰতৰ হাতত গটালে ম্যানমাৰে

অৱশেষত প্ৰথমটো বন্দী প্ৰত্যাপনৰ কাৰ্য শুকুৰবাৰে সম্পন্ন হয় ভাৰত আৰু ম্যানমাৰৰ মাজত ৷

অৱশেষত প্ৰথমটো বন্দী প্ৰত্যাপনৰ কাৰ্য শুকুৰবাৰে সম্পন্ন হয় ভাৰত আৰু ম্যানমাৰৰ মাজত ৷

অৱশেষত প্ৰথমটো বন্দী প্ৰত্যাপনৰ কাৰ্য শুকুৰবাৰে সম্পন্ন হয় ভাৰত আৰু ম্যানমাৰৰ মাজত ৷

  • Share this:
অৱশেষত প্ৰথমটো বন্দী প্ৰত্যাপনৰ কাৰ্য শুকুৰবাৰে সম্পন্ন হয় ভাৰত আৰু ম্যানমাৰৰ মাজত ৷ ম্যানমাৰৰ জেলত বন্দী হৈ থকা ২২জন বিদ্ৰোহীক শুকুৰবাৰে মণিপুৰৰ ম'ৰে আন্তৰাষ্ট্ৰীয় সীমান্তত টাটমাদাউ খ্যাত ম্যানমাৰ সেনাই গটাই দিয়ে ৷

ম্যানমাৰৰ খামতি আৰু হোমালিন জেলত বন্দী হৈ আছিল বিদ্ৰোহীকেইজন ৷ ভাৰতৰ হাতত গটাই দিয়া সদস্য কেইজনৰ ভিতৰত KLOৰ পাঁচজন আৰু NDFB-Sৰ পাঁচজন সদস্য আছে বুলি News18ক সদৰি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ মহন্তই ক'লে, “আটাইকেইজন ইতিমধ্যে গুৱাহাটী পাইছেহি আৰু এইক্ষেত্ৰত নিয়ম অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হ''ব ৷”



KLO আৰু NDFB-Sৰ লগতে মণিপুৰৰ আন বাৰজন UNLF, KYKL আৰু PrePak (Pro)ৰ সদস্যকো একেলগে শুকুৰবাৰে হস্তান্তৰ কৰে ম্যানমাৰৰ সেনাই ৷ আটাইকেইজনক চৌধ্য দিনৰ বাবে কুৱাৰেণ্টাইন কৰি ৰখা হ'ব ৷ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰিব শনিবাৰে ৷

উল্লেখযোগ্য যে ম্যানমাৰ সেনাই বিগত বৰ্ষৰ ২৯ জানুৱাৰীৰ পৰা NSCN-K আৰু সকলো ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান ৷ অভিযানত সকলো বিদ্ৰোহী সংগঠনৰ সকলো মুখ্য শিবিৰ উৎখাত কৰিছিল ৷ এই অভিযানৰ মাজতে এইসকল ভাৰতীয় মূলৰ বিদ্ৰোহীক আটক কৰি ম্যানমাৰ সেনাই ম্যানমাৰ আৰক্ষীক চমজাই দিয়াত কাৰাগাৰত বন্দী হৈ আছিল ৷
First published: