এমভিআই হোমেন দাসৰ লগতে গ্ৰেপ্তাৰ কম্পিউটাৰ অপাৰেটৰ বলৱন্ত কৌৰ আৰু পিয়ন প্ৰণৱ মহন্তও
এমভিআই হোমেন দাসৰ লগতে গ্ৰেপ্তাৰ কম্পিউটাৰ অপাৰেটৰ বলৱন্ত কৌৰ আৰু পিয়ন প্ৰণৱ মহন্তও
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ পৰিবহণ বিভাগৰ (Transport Department of Nagaon) যানবাহন পৰিদৰ্শক (MVI) হোমেন দাস। এগৰাকী ব্যক্তিক যানবাহনৰ সক্ষমতাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত ৩৫ হাজাৰ টকা উৎকোচ বিচাৰিছিল বিষয়াগৰাকীয়ে। ইয়াৰ পিছতে নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে কৌশলৰে উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে এমভিআই হোমেন দাস (MVI Hemen Das), কম্পিউটাৰ অপাৰেটৰ বলৱন্ত কৌৰ আৰু পিয়ন প্ৰণৱ মহন্তক।
আৰক্ষীয়ে হোমেন দাসৰ কাৰ্যালয়ত তালাচী চলাই নগদ ২ লাখ ৭ হাজাৰ টকা জব্দ কৰে। লগে লগে নগাঁও আৰক্ষীয়ে ছীল কৰে হোমেন দাসৰ মহানগৰীৰ হাতীগাঁওস্থিত বাসগৃহ। আৰক্ষীৰ এটা দলে হোমেন দাসৰ নগাঁৱৰ ভাড়াঘৰত অভিযান চলাই এখন ডায়েৰীৰ মাজৰ পৰা উদ্ধাৰ কৰে ৪ লাখ ৬৫ হাজাৰ টকা (4 lakh 65 thousand rupees recovered from the diary)।
নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি হোমেন দাস আৰু কম্পিউটাৰ অপাৰেটৰ বলৱন্ত কৌৰৰ বিৰুদ্ধে বহু পূৰ্বৰে পৰা অভিযোগ লাভ কৰিছিল নগাঁও আৰক্ষীয়ে। সেয়ে আজি এই অভিযান চলোৱাৰ সিদ্ধান্ত লৈছিল তেওঁ। ইপিনে নগাঁও আৰক্ষীয়ে (NagaonPolice) হোমেন দাসৰ গাড়ীচালক মুকুল ৰয়কো গ্ৰেপ্তাৰ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|