ভাৰতৰ প্ৰথম নদী ক্ৰুজ ‘এম ভি গংগা বিলাস’ৰ আজি ফ্লেগ অফ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই নদী ক্ৰুজ বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ যি আজি বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাঁচখন ৰাজ্যৰ লগতে বাংলাদেশ হৈ ডিব্ৰুগড়, অসমত প্ৰৱেশ কৰিব। ৫০ দিনীয়া এই যাত্ৰাত ক্ৰুজখনে ২৭ খন নদীৰ মাজেৰে অতিক্ৰম কৰিব। আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী এই ক্ৰুজৰ ফ্লেগ অফ কৰে। পুৱা ১০ বজাত ফ্লেগ অফ কৰাৰ পিছত ই যাত্ৰা আৰম্ভ কৰে।
এই ক্ৰুজৰ বাবে অসমতো এক অনুষ্ঠান আয়োজন কৰা হয়। গুৱাহাটীৰ পাণ্ডুৰ জাহাজ মেৰামতি কেন্দ্ৰত আয়োজিত এমভি গংগা বিলাসৰ ফ্লেগ অফ অনুষ্ঠানত ‘উত্তৰ-পূৱ সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ,গুৱাহাটীৰ’ শুভ উদ্বোধন কৰা হয়। লগতে উদ্বোধন এমএমটি পাণ্ডু আৰু ৰাষ্ট্ৰীয় ঘাইপথ-২৭ সংযোগী এলিভেটেড কৰিড'ৰ। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটনৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েচো নায়ক আৰু গুৱাহাটী লোকসভা সাংসদ কুইন ওজা উপস্থিত থাকে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 13, 2023, 11:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।