কাইলৈ ঘোষণা হ'ব উপ নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফলক লৈ অধিক আত্মবিশ্বাসী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷
কাইলৈ ঘোষণা হ'ব উপ নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফলক লৈ অধিক আত্মবিশ্বাসী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷
যতেই হাত দিয়ে সেই বস্তুৰেই এতিয়া জুই চাই দাম। একেবাৰে নিয়ন্ত্ৰণহীন হৈ পৰিছে বজাৰ। ইমানৰ পিছতো প্ৰতিদিনেই বিজেপিৰ নেতাৰ মুখত শুনিবলৈ পোৱা গৈছে কেৱল তুলুঙা মন্তব্য। পেট্ৰলৰ দাম কমাবলৈ কমকৈ বাইক চলোৱা, এখন বাইকত তিনিজন উঠাৰ পৰামৰ্শ দিয়া ৰাজ্যিক বিজেপিৰ বহুবল্কী সভাপতি ভৱেশ কলিতাই এইবাৰ দিলে মিঠাতেলৰ দাম নিয়ন্ত্ৰণ কৰাৰ ফৰ্মূলা।
মিঠাতেলৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ এইবাৰৰ দীপাৱলীত কমকৈ চাকি জ্বলাবলৈ পৰামৰ্শ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। কলিতাই কয় যে, 'সেউজ দিপাৱলী পালন কৰক ৰাইজে । চাইনিজ বস্তুক কৰক পৰিহাৰ। মাটিৰ চাকিয়েই জ্বলাই পালন কৰক পোহৰৰ উৎসৱ। মিঠাতেলৰ দাম বেছি যিহেতু ৰাইজে পূৰ্বতকৈ কমকৈ চাকি জ্বলাই পালন কৰিব দীপাৱলী।'
ইফালে কাইলৈ ঘোষণা হ'ব উপ নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফলক লৈ অধিক আত্মবিশ্বাসী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ কলিতাই কয় যে, '৫ টাকৈ সমষ্টিতে আমি জিকিম । আমি ৫ টা গল দিলো ৷ গলকীপাৰ নাছিল বিৰোধীৰ। সেয়েহে খেলি ভাল নালাগিল। দ্বিতীয় স্থানতো নাথাকে ৰাইজৰ দল। থাওৰাত কংগ্ৰেছ লগত, মৰিয়নিতো কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ’ব। ভবানীপুৰ আৰু তামুলপৰত বিপুল ভোটত জয়ী হম।গোঁসাইগাঁৱত হ’ব ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|