মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'সংখ্যালঘু মানেই মুছলমান নহয়, সংখ্যালঘু উন্নয়ন বোৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়'- ক'লে মুমিনুল আৱালে

'সংখ্যালঘু মানেই মুছলমান নহয়, সংখ্যালঘু উন্নয়ন বোৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়'- ক'লে মুমিনুল আৱালে

News18 Assam | News18-Assam
Updated:September 25, 2021, 9:39 AM IST
'সংখ্যালঘু মানেই মুছলমান নহয়, সংখ্যালঘু উন্নয়ন বোৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়'- ক'লে মুমিনুল আৱালে
গুৱাহাটীত আজি এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য অসম সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ।

গুৱাহাটীত আজি এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য অসম সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ।

  • News18 Assam
  • Last Updated: September 25, 2021, 9:39 AM IST
  • Share this:
'সংখ্যালঘু মানেই মুছলমান নহয় আৰু সংখ্যালঘু উন্নয়ন বোৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়।'- গুৱাহাটীত আজি এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য অসম সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ। আৱালে কয় যে, 'মুছলমান¸ খ্ৰীষ্টান¸ বৌদ্ধ¸ জৈন¸ শিখকে ধৰি ৰাজ্যখনত প্ৰায় ডেৰ কোটি সংখ্যালঘু লোক আছে। সংবিধানৰ গণ্ডীত থাকি এই সংখ্যালঘু লোকসকলক সকলো দিশতে আগবঢ়াই নিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিভিন্ন চৰকাৰী বিভাগ আছে। তেনেক্ষেত্ৰত সংখ্যালঘুৰ বিষয়ত কিবা কথা ওলালেই উন্নয়ন বোৰ্ডখনকে টানি অনাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। কিয়নো সংখ্যালঘু উন্নয়ন বোৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়।'

আৱালে লগতে কয় যে, 'পূৰ্বে বোৰ্ডৰ বিৰুদ্ধে দালালৰাজ¸ স্বজন তোষণকে ধৰি বিভিন্ন অভিয়োগ আছিল। কিন্তু ২০১৭ চনৰ পৰা তেনে কোনো অভিযোগ নাই। স্বচ্ছতাৰে বোৰ্ডৰ কাম পৰিচালিত হৈছে। ২০১৮ৰ পৰা ২০২০ চনলৈ বোৰ্ডে ১¸৩৬৯ গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক মেধাৰ ভিত্তিত চিকিৎসাৰ লগত জড়িত পাঠ্যক্ৰমত শিক্ষা গ্ৰহণৰ সুবিধা দিছে। নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ তালিকা সকলোৱে চাব পৰাকৈ ব’ৰ্ডৰ ৱেবচাইটত সংলগ্ন কৰা হৈছে।'

আৱালে কাৰ্যভাৰ গ্ৰহণৰ পিছত বোৰ্ডত দালালৰাজৰ অন্ত পৰা বুলি দাবী কৰি তেওঁৰ কাৰ্যকালত বোৰ্ডলৈ আৱণ্টিত পুঁজিৰ খতিয়ন দাঙি ধৰে। তেওঁ জনোৱা মতে,  ২০১৭-১৮ বিত্তীয় বৰ্ষত বোৰ্ডৰ বাবে চৰকাৰে ১২ কোটি টকা ধাৰ্য কৰিছিল যদিও ৯০ লাখ টকা মোকলাই দিয়ে। ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৩ কোটি ২০ লাখ টকা ধাৰ্য কৰাৰ বিপৰীতে মোকলাই দিয়ে ১১ কোটি ৮৩ লাখ ৭৭ হাজাৰ ৩০০ টকা। জনোৱা মতে ৪টা বিত্তীয় বৰ্ষত ৫৪ কোটি ৫৮ লাখ টকা বাজেটত ধাৰ্য কৰাৰ বিপৰীতে বোৰ্ডে লাভ কৰে ৩৮কোটি ৪৪ লাখ ৬৫ হাজাৰ ৩৫৫ টকা।
Published by: Himangshu Bhuyan
First published: September 25, 2021, 9:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি