দেশজুৰি হিজাব বিতৰ্ক চলি থকাৰ সময়তেই এই ৰায়দানে বিশেষ চৰ্চা লাভ কৰিছে ৷
দেশজুৰি হিজাব বিতৰ্ক চলি থকাৰ সময়তেই এই ৰায়দানে বিশেষ চৰ্চা লাভ কৰিছে ৷
বোকাখাতৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান খ্ৰীষ্টজ্যোতি হাইস্কুলৰ এগৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি বিদ্যালয়লৈ যোৱাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি বিদ্যালয়ত হিজাব পৰিধান কৰিব পাৰিব বুলি কৈছে ৷
২০১৩ চনত বিদ্যালয়খনৰ নাৰ্চাৰীৰ এগৰাকী ছাত্ৰীয়ে হিজাপ পৰিধান কৰি বিদ্যালয়লৈ যোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে তাত বাধা আৰোপ কৰিছিল ৷ যাৰবাবে ছাত্ৰীগৰাকীৰ মাতৃ এলি আহমেদে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল ৷
এলি আহমেদে অসম চৰকাৰৰ মুখ্য সচিব, সঞ্চালক উচ্চ শিক্ষা, সঞ্চালক উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, বৰ্ড অৱ চেকেণ্ডাৰী এডুকেশ্ব্যন, জিলা উপায়ুক্ত গোলাঘাট, বিদ্যালয় পৰিদৰ্শক,গোলাঘাট, পৰিচালনা সমিতি, খ্ৰীষ্টজ্যোতি হাইস্কুলৰ অধ্যক্ষ, খ্ৰীষ্টজ্যোতি হাইস্কুলৰ বিপক্ষে WP(C)2090/2013 নম্বৰ গোচৰ তৰে ৷ গোচৰৰ পিছতেই ন্যায়ালয়ে ছাত্ৰীগৰাকীক হিজাব পৰিধান কৰি বিদ্যালয়লৈ আহিব পাৰিব বুলি স্থগিতাদেশ দিয়ে ৷
সেই গোচৰৰ ভিত্তিতেই ন্যায়ালয়ে দীৰ্ঘ ১৩ বছৰৰ পাছত হিজাব পৰিধান কৰি বিদ্যালয়লৈ যাব পাৰিব বুলি ৰায়দান কৰে ৷ দেশজুৰি হিজাব বিতৰ্ক চলি থকাৰ সময়তেই এই ৰায়দানে বিশেষ চৰ্চা লাভ কৰিছে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|