உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Srimanta Sankardev Sangha: নাহৰকটীয়াৰ ৰাঙলী পথাৰত উদুলি-মুদুলি পৰিবেশ,  ধান দোৱা আৰু নৰা কটা পৰ্বত মুছলমান সমাজে বিলালে সম্প্ৰীতিৰ বাৰ্তা

    Srimanta Sankardev Sangha: নাহৰকটীয়াৰ ৰাঙলী পথাৰত উদুলি-মুদুলি পৰিবেশ,  ধান দোৱা আৰু নৰা কটা পৰ্বত মুছলমান সমাজে বিলালে সম্প্ৰীতিৰ বাৰ্তা

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনথলীত আজি ধান দোৱা আৰু নৰা কটা পৰ্বই উদুলি মুদুলি পৰিবেশ সৃষ্টি কৰে।

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনথলীত আজি ধান দোৱা আৰু নৰা কটা পৰ্বই উদুলি মুদুলি পৰিবেশ সৃষ্টি কৰে।

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনথলীত আজি ধান দোৱা আৰু নৰা কটা পৰ্বই উদুলি মুদুলি পৰিবেশ সৃষ্টি কৰে।

    • Share this:
    শ্ৰীমন্ত শংকৰদেৱ সংঘ (Srimanta Sankardev Sangha)ৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনি ২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪, ৫ আৰু ৬ তাৰিখে নাহৰকটীয়া (Naharkatia)ৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব । প্ৰায় এশ বিঘা মাটিত সামৰি আয়োজন কৰিবলৈ সাজু কৰা অধিৱেশনথলীত আজি ধান দোৱা আৰু নৰা কটা পৰ্বই উদুলি মুদুলি পৰিবেশ সৃষ্টি কৰে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ পৰা অহা  শতাধিক আই-বাপ আৰু সেৱাবাহিনীৰ সদস্য সদস্যাসকলে দিহানাম, বিহুগীত জুৰি ধান আৰু নৰা কাটি উদুলি-মুদুলি পৰিবেশ সৃষ্টি কৰে। এই ধান দোৱা আৰু নৰা কটা পৰ্বত নাহৰকটীয়াৰ মুছলমান সমাজৰ লোক সকলেও স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰি অধিৱেশনথলীখন চাফ-চিকুণ কৰে। লগতে সমানে সমানে ধান  আৰু নৰা কাটি সম্প্ৰীতি (Communal Harmony)ৰ এক নিদৰ্শন দাঙি ধৰে।



    ২১ নৱেম্বত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে পৱিত্ৰ লাইখুঁটা স্থাপন কৰাৰ পিছতেই যুদ্ধকালীনভাৱে অধিৱেশনৰ কাম-কাজ চলি আছে। আজি  অধিৱেশনখনিৰ অগ্ৰগতি আৰু কামৰ খতিয়ান লোৱাৰ উদ্দেশ্যৰে অধিৱেশনথলী পৰিদৰ্শনৰ কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তৰংগ গগৈসহ জিলাখনৰ প্ৰশাসনিক বিষয়াৰ এটা দলে।

    এই পৰিদৰ্শনৰ সময়ছোৱাতে জিলা উপায়ুক্ত গৰাকীয়ে ৯১ সংখ্যক অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ বহু কেইটা গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ আগবঢ়োৱা লগতে উদযাপন সমিতিক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি  প্ৰতিশ্ৰুতি প্ৰদান কৰে।

    এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সঞ্চয় দত্ত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, ডিব্ৰুগড়ৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, যুটীয়া স্বাস্থ্য সঞ্চালক  আৰু অসম শক্তি বিতৰণৰ কোম্পানীৰ শীৰ্ষ বিষয়া সকলৰ লগতে টিংখঙৰ ৰাজহ চক্ৰ বিষয়া ৱাহিদুৰ ৰহমান, জয়পুৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বৰগোহাঁইকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: