বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাওনা হ'ল ৰাজ্যৰ বহু কেইখন জিলাৰ হজযাত্ৰী। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাওনা হ'ল ৰাজ্যৰ বহু কেইখন জিলাৰ হজযাত্ৰী। আৰম্ভ হ'ল ইছলামধৰ্মীয় লোকসকলৰ পবিত্ৰ হজ যাত্ৰা। বৰঝাৰ বিমানবন্দৰৰ পৰা আন্তৰাষ্ট্ৰীয় বিমান যোগে এইবাৰো অসমৰ বহুকেইখন জিলাৰ প্ৰায় ৪৫গৰাকী হজযাত্ৰী পবিত্ৰ মদিনালৈ যাত্ৰা কৰে।
বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাওনা হ'ল ৰাজ্যৰ বহু কেইখন জিলাৰ হজযাত্ৰী। অসম আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ জৰিয়তে আজি বৰঝাৰ বিমানবন্দৰৰ পৰা ৪৫ জন ওমৰাহ হজযাত্ৰী ৰাওনা হ'ল আন্তৰাষ্ট্ৰীয় বিমানযোগে মদিনা অভিমুখে।
অসমৰ বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, নগাঁও, শিৱসাগৰ হোজাই, কামৰূপ, গুৱাহাটীৰ ওমৰাহ হজযাত্ৰীসকল ৰাওনা হয় মদিনালৈ। আজি মদিনা অভিমুখে যাত্ৰা কৰাৰ প্ৰাকমুহুৰ্তত বিমানবন্দৰত আটাইকেইজন হজযাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বিদায় দিবলৈ উপস্থিত হয় আত্মীয় কুটুম।
উল্লেখযোগ্য যে, যোৱা ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখত গুৱাহাটীৰ পৰা ইতিমধ্যে ২৫ জনীয়া দল মক্কাত ওমৰাহ হজ পালন কৰি আছে। তেওঁলোকে পুনৰ ১৯ ফেব্ৰুৱাৰীত মক্কাৰ পৰা গুৱাহাটীত আহি উপস্থিত হ'বহি।
Published by: Himangshu Bhuyan
First published: February 18, 2022, 15:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|