কোৰোণাত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই, মৃহদেহ সত্‍কাৰৰ বাবে আগবাঢ়ি আছিল মুছলমান যুৱক

News18 Assam | News18-Assam
Updated:August 29, 2020, 11:56 PM IST
কোৰোণাত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই, মৃহদেহ সত্‍কাৰৰ বাবে আগবাঢ়ি আছিল মুছলমান যুৱক
যোৰহাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

যোৰহাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

  • Share this:
যোৰহাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কোভিড19 ত আক্ৰান্ত হৈ এটা পৰিয়ালৰ পুত্ৰৰ মৃত্যু হোৱাৰ কেইদিনমান পিছতে মৃত্যু হ’ল পিতৃৰ। যোৰহাটৰ নাওবৈচা অঞ্চলৰ যুৱক ৰাজেশ দত্তৰ পৰিয়ালত সংঘটিত হোৱা এই ঘটনাই বহুজনক শোকাহত কৰি তুলিছে। কিন্তু এই ঘটনাৰ মাজতে দেখিবলৈ পোৱা গ’ল সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।

কেইদিনমান পূৰ্বলৈকে যোৰহাট নাওবৈচাৰ ৰাজেশ দত্তৰ পৰিয়ালত সকলোখিনি স্বাভাৱিক ভাৱেই চলি আছিল। ৰাজেশৰ কোভিড পৰীক্ষা কৰাত ফলাফল পজিটিভ অহাত ভৰ্তি কৰা হ’ল যোৰহাট চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত। ৰাজেশৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে তেওঁৰ পত্নী আৰু পিতৃ-মাতৃৰো কোৰোণা পৰীক্ষা কৰা হয়। আৰু তিনিওৰে দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি।পত্নীক চুঙী অঞ্চলত থকা কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰাৰ বিপৰীতে পিতৃ-মাতৃৰ সৈতে ৰাজেশ চিকিৎসাধীন হৈ আছিল JMCHত । কিন্তু হঠাত্‍ ৰাজেশৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত আই চি ইউত চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও যোৱা ২০ আগষ্টত মৃত্যুক সাৱটি লয় ৰাজেশে। মৃত্যুৰ সময়ত ৰাজেশৰ বয়স আছিল ৪৬ বছৰ ।

কিন্তু মৃত্যুৰ পিছত ৰাজেশৰ মৃতদেহ সৎকাৰ কৰাৰ সময়ত সৃষ্টি হয় আন এক হৃদয় বিদাৰক পৰিস্থিতিৰ। ৰাজেশৰ পুত্ৰক বাদ দি ঘৰৰ সকলো চিকিৎসাধীন হৈ আছিল। চিকিৎসালয়ৰ পৰা ৰাজেশৰ মৃতদেহ শ্মশানলৈ লৈ যোৱাৰ সময়ত পৰিয়ালৰ হৈ উপস্থিত আছিল তেওঁৰ সন্তান প্ৰাচুৰ্য। নাছিল কোনো আত্মীয়। সমীপৰ এখন গাঁৱৰ তিনিজন লোক উপস্থিত আছিল প্ৰাচুৰ্যৰ সৈতে। কিন্তু তেওঁলোকে শ্মশানৰ ভিতৰলৈ যাবলৈ অমান্তি হোৱাত অসহায় হৈ পৰিছিল প্ৰাচুৰ্য। কিন্তু সেই সময়তে পাচুৰ্যৰ ওচৰলৈ আগবাঢ়ি আহিল  পাৰভেজ মেহদী নামৰ ৰাজেশৰ এগৰাকী বন্ধু। অৱশেষত পাৰভেজ মেহদীৰ সহযোগত পিতৃৰ শেষকৃত্য সম্পন্ন কৰে পুত্ৰ পাৰ্চুৰ্যই।

ইমানৰ পিছতো নিষ্ঠুৰ নিয়তিয়ে সকাহ নিদিলে দুৰ্ভগীয়া পৰিয়ালটোক। ৰাজেশৰ মৃত্যুৰ তিনিদিন পিছতে তেওঁৰ বৰ্ষীয়ান পিতৃ লক্ষীৰাম দত্তয়ো শেষ নিশ্বাস ত্যাগ কৰে। লক্ষীৰাম দত্তৰ মৃত্যু পিছত তেখেতৰ শেষকৃত্য কৰিবলৈ সমস্যাত পৰে পৰিয়ালটো। আগবাঢ়ি নাহিল স্থানীয় কোনো লোক। আৰু শেষত আগবাঢ়ি আহিল ৰাজেশৰ বন্ধু পাৰভেজ মেহদীয়েই। আৰু লক্ষীৰাম দত্তৰ ভতিজাকৰ সৈতে লগহৈ শেষকৃত্য সম্পন্ন কৰে পাৰভেজ মেহদীয়ে।

এনেদৰেই কোভিড19ৰ সংক্ৰমণে নিমিষতে থানবান কৰি পেলালে পৰিয়ালটোক। হেৰাই গ’ল পৰিয়ালৰ মূল দুজন ব্যক্তি। ৰাজেশৰ পত্নী আৰু মাতৃয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। কিন্তু তাৰ মাজতো পাৰভেজ মেহদীয়ে দেখুৱালে এক অনন্য নিদৰ্শন।
Published by: Himangshu Bhuyan
First published: August 29, 2020, 11:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি