உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মানৱীয়তাৰ নিদৰ্শন! হিন্দু ৰীতি-নীতিৰে এগৰাকী মুছলমান বোৱাৰীয়ে মুখাগ্নি কৰিলে হিন্দু যুৱকৰ

    মানৱীয়তাৰ নিদৰ্শন! হিন্দু ৰীতি-নীতিৰে এগৰাকী মুছলমান বোৱাৰীয়ে মুখাগ্নি কৰিলে হিন্দু যুৱকৰ

    মানৱীয়তাৰ এক উত্‍কৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছমান বোৱাৰীয়ে।

    মানৱীয়তাৰ এক উত্‍কৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছমান বোৱাৰীয়ে।

    মানৱীয়তাৰ এক উত্‍কৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছমান বোৱাৰীয়ে।

    • Share this:
    মানৱীয়তাৰ এক উত্‍কৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছমান বোৱাৰীয়ে। সম্পূৰ্ণ হিন্দু-ৰীতি নীতিৰ মাজেৰে ধ্ৰুৱজ্যোতি মজুমদাৰ নামৰ এজন হিন্দু যুৱকৰ মুখাগ্নি কৰিলে শিৱসাগৰৰ মুছকান বেগম নামৰ এগৰাকী মহিলাই।

    বিবাহসূত্ৰে তিনিচুকীয়াৰ বোৱাৰী মুছকান বেগম। বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বৰে পৰা ধ্ৰুৱজ্যোতি মজুমদাৰৰ সৈতে ভাতৃ-ভগ্নিৰ সম্পৰ্ক আছিল মুছকানৰ। কিছুদিন পূৰ্বে ঘৰুৱা অসুবিধাৰ বাবে পিতৃ-মাতৃহাৰা ধ্ৰুৱজ্যোতি তিনিচুকীয়াৰ পৰা আহি শিৱসাগৰত থকা মুছকানৰ ঘৰতে থাকিবলৈ লৈছিল।

    কিন্তু যোৱা ২২ ছেপ্তেম্বৰৰ দিনা মুছকানৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ স্ব-ইচ্ছাই জীৱন ত্যাগ কৰে ধ্ৰুৱজ্যোতি মজুমদাৰে। পিছত ধ্ৰুৱজ্যোতিৰ পত্নী চিমি মণ্ডলে যদিও মৃতদেহ চমজি লয় তথাপিও শিৱসাগৰৰ থানামুখ শ্মশানত ধ্ৰুৱজ্যোতিৰ মুখাগ্নি কৰে মুছকান বেগমে।
    Published by:Himangshu Bhuyan
    First published: