চলিত বছৰৰ এপ্ৰিল মাহত বনৰীয়া কাঠফুলা ভক্ষণ কৰি চৰাইদেউ জিলাৰ একেখন গাঁৱৰে সাতজনকৈ লোক মৃত্যু মুখত পৰাৰ পাছত আজি পুনৰ জিলাখনৰ বৰহাটত বনৰীয়া কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ তিনিজন লোক গুৰুতৰভাৱে অসুস্থ হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ বিষয়ে জানিব পৰা গৈছে৷
জানিব পৰা মতে, বৰহাট চাহ বাগিচাৰ এক নং বস্তিৰ অভিৰাম মিঞ্জৰ পৰিয়ালে সোমবাৰে নিশাৰ আহাৰত বনৰীয়া কাঠফুলা ভক্ষণ কৰাৰ ফলত নিশাৰে পৰা পৰিয়ালৰ তিনিজন সদস্য ক্ৰমে ৫৪ বছৰীয়া অভিৰাম মিঞ্জ, ৫২ বছৰীয়া চেলিনা মিঞ্জ আৰু ১৮ বছৰীয়া লিলিমা মিঞ্জ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। প্ৰথমে তিনিওকে ততালিকে সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু অসুস্থ লোককেইজনৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়৷ সম্প্ৰতি সংকটজনক অৱস্থাত তিনিওগৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷
উল্লেখ্য যে চাহ বাগিচাসমুহত শিক্ষাৰ প্ৰসাৰ আৰু সজাগতাৰ অভাৱৰ বাবেই বাৰিষাৰ সময়ছোৱাত বনৰীয়া কাঠফুলা ভক্ষণ কৰি প্ৰায়ে চিকিৎসাধীন হোৱাৰ খবৰ পোৱা যায়৷ বিশেষকৈ চৰাইদেউ জিলাৰ চাহ বাগিচা অঞ্চলত বনৰীয়া কাঠফুলা ভক্ষণ কৰি চলিত বছৰতে সাতজন লোকৰ মৃত্যু হৈছে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|