বিকাশ আৰু পৰিবৰ্তনৰ ছাঁ নপৰা তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ সত্যনাৰায়নপুৰৰ এক ভয়ানক দৃশ্য ৷ একঁকাল পানীৰ মাজেৰে ৰাস্তা বিচাৰি বিচাৰি এজাক কণ কণ শিশুৰ বিদ্যালয়লৈ যাত্ৰা কৰা এক ভয়াৱহ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ ভূটান সীমান্তৰ কেইবাখনো গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বাৰিষা আহিলে এনেদৰেই প্ৰায় পাঁচশ মিটাৰ পথ অতি বিপজ্জনকভাৱে পানী ফালি ফালি শিক্ষা গ্ৰহণৰ বাবে আহে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান সত্যনাৰায়নপুৰ আশাজ্যোতি প্ৰাথমিক বিদ্যালয় নামৰ অপ্ৰাদেশীকৃত বিদ্যালয়খনলৈ ৷
২০০২ চনত স্থাপিত বিদ্যালয়খনত প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ মুঠ ১৯৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। সম্প্ৰতি এটা বেচৰকাৰী সংস্থাৰ কিছু সহযোগিতাত চলি থকা বিদ্যালয়খনত ভৰ বাৰিষা বন্ধ হৈ পৰে পাঠ দান ৷ কেৱল নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক নেতাৰ মুখ দেখা অঞ্চলটোলৈ নিৰ্বাচন গ'লেই পিঠি দিয়ে সকলোৱে ৷ উপযুক্ত শিক্ষা, স্বাস্থ্যসেৱা, যাতায়ত আদি সকলোক্ষেত্ৰতে বছৰ বছৰ ধৰি বঞ্চিত, অৱহেলিত হৈ থকা অতি ভিতৰুৱা অঞ্চলটোৰ খাটি খোৱা ৰাইজৰ অসমৰ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ অনুৰোধ, ৰাজ্যৰ অন্য প্ৰান্তৰ ভাগিন সকলৰ দৰে আমাৰ লৰা ছোৱালী সকলকো মানুহ হিচাপে গঢ়ি তুলিবলৈ আমাৰ শিক্ষানুস্থান খন প্ৰাদেশীকিকৰণ কৰাৰ লগতে আমাৰ অঞ্চলৰ বাটপথৰ উন্নয়ন কৰক ৷
উল্লেখ্য যে, ভূটানৰ পৰা বৈ অহা পানীয়ে অঞ্চলটোৰ বাট-পথসমুহ খহাই নিয়াত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভূগিব লগা হৈছে ৷ অৱশ্যে ৰাজ্যৰ শিক্ষা বিভাগ তথা বিটিচি প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : June 15, 2022, 23:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।