বাক্সাত ড্ৰাগচ নিস্কাষণ সমিতিয়ে আজি দিৰিং নদীৰ পাৰত ৩২ লাখ টকা মুল্যৰ ড্ৰাগচ আৰু নিচাযুক্ত দ্ৰব্য দাহন কৰে ৷ ৰাজ্যৰ চৰকাৰৰ আৰক্ষী প্ৰশাসনৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বিটিআৰ অতিৰিক্ত আৰক্ষী সঞ্চালক এল আৰ বিষ্ণয়ে আনুষ্ঠানিকভাৱে দাহন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷
উল্লেখ্য যে বাক্সা জিলাৰ তামুলপুৰ, গোৱৰ্ধনা, মুছলপুৰ, শিমলা, শালবাৰী, বৰমা আৰু গোৰেশ্বৰ আৰক্ষী থানাৰ ২১ টা গোচৰত উদ্ধাৰ কৰা ৩৪ কিলো গাঞ্জা, ১০ গ্ৰাম হিৰইন, ব্ৰাউন চুগাৰ ৬ গ্ৰাম, আফিং ৩৫৩ গ্ৰামৰ লগতে নিচাযুক্ত টেবলেট ১৯৬৮ টা দাহন কৰে ৷ ৰাজ্য চৰকাৰৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে জিলাখনৰ সাতখনৰ থানাই অভিযান চলাই উদ্ধাৰ কৰা প্ৰায় ৩২ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য দাহন কৰা বুলি জানিব দিয়ে ৷ তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিগত পাঁচ মাহত সমগ্ৰ ৰাজ্যখনতে ৪০০ কোটি টকাৰ ড্ৰাগচ জব্দ কৰা হৈছে ৷ অসমৰে নহয় চুবুৰীয়া ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ ১৭ খন ৰাজ্যৰে ড্ৰাগচ সৰবৰাহকাৰীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব দিয়ে ৷ আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে ৰাজ্যখনক ড্ৰাগচ মুক্ত ৰাজ্য গঢ়ি তুলিবলৈও আহ্বান জনায় ৷ আজিৰ ড্ৰাগচ দাহন কাৰ্যসূচীত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত জিলা মুখ্য ন্যায়াধীশ অচ্যুতানন্দ শইকীয়া, সদৰ মহকুমাধিপতি গীতাশ্ৰী লাচিতৰ লগতে কেইবাখনো থানাৰ আৰক্ষী বিষয়া সকল উপস্থিত আছিল ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|