உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুৰফুলনি গাঁও পঞ্চায়তে নিজাকৈ নিৰ্মাণ কৰিলে ৱেবছাইট, এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে চলিব কাম

    মুৰফুলনি গাঁও পঞ্চায়তে নিজাকৈ নিৰ্মাণ কৰিলে ৱেবছাইট, এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে চলিব কাম

    সকলো কাম–কাজ উপলব্ধ হ'ব এই ৱেবছাইটত, শুভ উন্মোচন কৰিলে বিধায়ক বিশ্বজিত ফুকনে

    সকলো কাম–কাজ উপলব্ধ হ'ব এই ৱেবছাইটত, শুভ উন্মোচন কৰিলে বিধায়ক বিশ্বজিত ফুকনে

    সকলো কাম–কাজ উপলব্ধ হ'ব এই ৱেবছাইটত, শুভ উন্মোচন কৰিলে বিধায়ক বিশ্বজিত ফুকনে

    • Share this:

    নুমলীগড়ৰ মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন পঞ্চায়ত এতিয়াৰ পৰা চলিব সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে। পঞ্চায়তৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিছে এটা ৱেবছাইট। সকলো কাম–কাজ উপলব্ধ হ'ব এই ৱেবছাইটত। ৱেবছাইটৰ শুভ উন্মোচন কৰে বিধায়ক বিশ্বজিত ফুকনে।


    নুমলীগড়ৰ মুৰফুলনি গাঁও পঞ্চায়তত বিধায়ক বিশ্বজিত ফুকনে পঞ্চায়তখনে নিজাকৈ নিৰ্মাণ কৰি উলিওৱা এই ৱেবছাইটেৰে মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ মুৰফুলনি গাঁও পঞ্চায়তৰ সকলো কাম–কাজ  যথা  জবকাৰ্ড, ট্ৰেড লাইচেন্সকে ধৰি সকলো কাম–কাজ উপলব্ধ হ'ব ‍বুলি আশা প্ৰকাশ কৰে।


     পঞ্চায়ত কাৰ্যালয়লৈ নহাকৈয়ে পঞ্চায়তখনৰ লোকসকলে  সকলো তথ্য লাভ কৰিব পাৰিব। এতিয়া পঞ্চায়তখনৰ উন্নয়নমূলক কামসমূহ দ্ৰুতগতিত আগবাঢ়িব বুলিও আশাবাদী পঞ্চায়তখনৰ লোকসকল।


    ইফালে দীৰ্ঘদিনে পঞ্চায়তখনৰ অন্তৰ্গত মূৰফুলনি চাহ বাগিচাৰ লোকসকলে  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ লাভ কৰাৰ পৰা বঞ্চিত হৈ অহাৰ সমস্যাও বিধায়কগৰাকীয়ে উপস্থিত হৈ মীমাংসা কৰি নিৰ্মূল কৰে। আশা কৰা হৈছে এতিয়াৰে পৰা চাহ বাগিচাখনৰ দৰিদ্ৰ শ্ৰমিকসকলেও লাভ কৰিব পঞ্চায়তৰ সকলো সুবিধা।

    Published by:Gautam Barman
    First published: