কিশোৰীক বলাৎকাৰ কৰি হত্যা, ৬ মাহ পিছত কামপুৰ জালত পৰিল হত্যাকাৰী

News18-Assam
Updated:November 24, 2019, 2:34 PM IST
কিশোৰীক বলাৎকাৰ কৰি হত্যা, ৬ মাহ পিছত কামপুৰ জালত পৰিল হত্যাকাৰী
শনিবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বেলতলীত আশ্ৰয় লৈ থকা অৱস্থাত আটক কৰে হত্যাকাৰী খলিল উদ্দিনক৷

শনিবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বেলতলীত আশ্ৰয় লৈ থকা অৱস্থাত আটক কৰে হত্যাকাৰী খলিল উদ্দিনক৷

  • Share this:
কামপুৰ আৰক্ষীৰ জালত পলাতক হত্যাকাৰী৷ ৬ মাহ ধৰি আত্মগোপন কৰি থকা ধৃত হত্যাকাৰীটো কাকতি গাঁৱৰ খলিল উদ্দিন৷ ১১ মে’ত কাকতি গাঁৱৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ফুচুলাই নি বলাৎকাৰ কৰি হত্যা কৰিছিল খলিল উদ্দিনে। পথাৰৰ মাজত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ।

এই ঘটনাৰ পিছৰে পৰা পলাই আছিল হত্যাকাৰী খলিল উদ্দিন৷ শনিবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বেলতলীত আশ্ৰয় লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী খলিল উদ্দিনক৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি