• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi : হাইলাকান্দিৰ মূকবধিৰ কিশোৰ অপহৰণ আৰু হত্যাৰ ৰায়দান, অপৰাধীক আজীৱন কাৰাদণ্ড

Hailakandi : হাইলাকান্দিৰ মূকবধিৰ কিশোৰ অপহৰণ আৰু হত্যাৰ ৰায়দান, অপৰাধীক আজীৱন কাৰাদণ্ড

অপহৰণকাৰীয়ে জুবাইৰৰ পৰিয়ালৰ পৰা দাবী কৰিছিল ১০ লাখ টকাৰ মুক্তিপণ

অপহৰণকাৰীয়ে জুবাইৰৰ পৰিয়ালৰ পৰা দাবী কৰিছিল ১০ লাখ টকাৰ মুক্তিপণ

অপহৰণকাৰীয়ে জুবাইৰৰ পৰিয়ালৰ পৰা দাবী কৰিছিল ১০ লাখ টকাৰ মুক্তিপণ

  • Share this:
১২ জানুৱাৰী ২০১৯ চনতে হাইলাকান্দি জিলাৰ বোৱালিপাৰৰ পৰা অপহৰণ কৰি হত্যা কৰিছিল মূকবধিৰ কিশোৰ জুবাইৰ আহমদক। অপহৰণৰ ১০ দিন পিছতে কাছাৰ জিলাৰ গোবিন্দপুৰ গাঁৱত পথাৰত পুতি থোৱা অৱস্থাত  উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ।

হাইলাকান্দি জোকাৰি যোৱা জুবাইৰ আহমদ হত্যাৰ ৰায়দান কৰে আজি। ঘটনাৰ মুখ্য অপৰাধী ছাহজাহান আলম চৌধুৰীক আজীৱন কাৰাদণ্ড। লগতে আন এগৰাকী অপৰাধী আব্দুল কায়ুম বড়ভূঞাক ১০ বছৰৰ বাবে সংশোধানাগাৰত (corrective home) ৰখাৰ নিৰ্দেশ দিয়ে হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাৰ বিচাৰপীঠে।

উল্লেখ্য, ১২ জানুৱাৰীৰ সন্ধিয়া নিজ ঘৰৰ পৰা বজাৰ কৰিবলৈ যোৱাৰ সময়ত হাইলাকান্দি জিলাৰ বোৱালিপাৰ বজাৰৰ পৰা অপহৃত হৈছিল এগৰাকী মূকবধিৰ যুৱক জুবাইৰ আহমদ। ঘটনাৰ পিছৰ পৰা জুবাইৰক উদ্ধাৰৰ দাবীত স্থানীয় ৰাইজসহ দল-সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

কিন্তু ঘটনাৰ ১০ দিন পিছতো আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাছিল অপহৃত জুবাইৰক। ইপিনে অপহৰণকাৰীয়ে জুবাইৰৰ পৰিয়ালৰ পৰা দাবী কৰিছিল ১০ লাখ টকাৰ মুক্তিপণ,  ৪ লাখ টকাৰ মুক্তিপণ প্ৰদান কৰিছিল পৰিয়ালৰ লোকে। এই মুক্তিপণ দাবীৰ ফোন কল ট্ৰেকিং কৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ছাহজাহান আলম চৌধুৰী নামৰ এগৰাকী যুৱকক।

পিছত এই ছাহজাহান আলমে দিয়া তথ্য অনুসৰি, হাইলাকান্দি আৰক্ষীয়ে (Hailakandi Police) কাছাৰ জিলাৰ কাঠিগৰা থানাৰ গোবিন্দপুৰ গাঁওৰ পথাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল যুৱকজনৰ মৃতদেহ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি