জুৱা খেলক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ ফিল'বাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। ফিল'বাৰীৰ টিংখাং গাঁৱৰ সমীপত থকা কাঁচিজান বনাঞ্চলত উদ্ধাৰ হৈছে গোপী মুড়া নামৰ এজন লোকৰ মৃতদেহ।
দিপাৱলীৰ নিশা একেলগে জুৱা খেলা মণিৰাম দাস নামৰ লোকজনে গোপী মুড়াক হত্যা কৰাৰ অভিযোগ। পৱন তাঁতী নামৰ আন এজন লোকৰো হাত ভাঙি দিয়াৰ অভিযোগ মণিৰাম দাসৰ বিৰুদ্ধে।
অভিযুক্ত হত্যাকাৰী মণিৰাম দাস বৰ্তমান পলাতক। ইতিমধ্যে, আৰক্ষীয়ে গোপী মুড়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ফিল'বাৰীতেই চাঞ্চল্যই বিৰাজ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|