শোণিতপুৰৰ ঠেলামৰাত মোমায়েকক দাৰে ঘপিয়াই হত্যা কৰিলে ভাগিনীয়েকে

News18 Assam | News18-Assam
Updated:September 11, 2020, 11:59 AM IST
শোণিতপুৰৰ ঠেলামৰাত মোমায়েকক দাৰে ঘপিয়াই হত্যা কৰিলে ভাগিনীয়েকে
আৰক্ষীয়ে সুকো ঋষি দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

আৰক্ষীয়ে সুকো ঋষি দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

  • News18 Assam
  • Last Updated: September 11, 2020, 11:59 AM IST
  • Share this:
শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানা এলেকাত পুনৰ এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে৷ পাৰিবাৰিক কন্দলৰ বাবে নিজৰ মোমায়েকক ঘপিয়াই হত্যা কৰে ভাগিনীয়েকে। ঠেলামৰাৰ নিকটৱৰ্তী এৰাসুতি জংঘল গাঁৱত আজি পুৱা ৯ মান সুকো ঋষি দাস(৫০)নামৰ লোকজনক নিজৰ ভাগিনীয়েক ৰমণী ঋষি দাসে দাৰে ঘপিয়াই হত্যা কৰে৷

পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়। হত্যাকাৰী ৰমণী ঋষি দাসে  ঠেলামৰা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷ আৰক্ষীয়ে সুকো ঋষি দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
Published by: Sanjay Kumar Das
First published: September 11, 2020, 11:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading