শিৱসাগৰৰ ঘিলাগুৰিত যোৱানিশা এজন লোকক পত্নী আৰু শহুৰেকে অত্যাচাৰ সহিব নোৱাৰি ঘপিয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুজামিল খান নামৰ লোকজনক পত্নী আৰু শহুৰেক জেহেৰুদ্দিন আহমেদে হত্যা কৰে।
অভিযোগ অনুসৰি, দীৰ্ঘদিনৰে পৰা মুজামিল খানে পত্নীক শাৰীৰিক–মানসিক অত্যাচাৰ চলাই আহিছিল। এই সন্দৰ্ভত থানাতো অৱগত কৰিছিল।
যোৱা নিশাও শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি সা–সামগ্ৰী ভাঙি উপদ্ৰৱ চলাইছিল মুজামিল খানে। পত্নী আৰু তেওঁৰ ভাতৃকো প্ৰহাৰ কৰে মুজামিলে। ফলত অতিষ্ঠ হৈ মুজামিলক পত্নী আৰু শহুৰেকে মাৰ–পিট কৰাত মৃত্যু হয় মুজামিলৰ।
ইপিনে জোৱাৱেক মুজামিলক হত্যাৰ পিছতে শিৱসাগৰ সদৰ থানাত নিজেই আত্মসমৰ্পণ কৰে শহুৰেক জেহেৰুদ্দিন আহমেদে। লগে লগে শিৱসাগৰ সদৰ আৰক্ষী ঘিলাগুৰিৰ ঘটনাস্থলীত উপস্থিত হৈ মুজামিলৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
লক্ষ্যণীয় যে স্থানীয় লোকে মুজামিলে দীৰ্ঘদিনৰে পৰা অঞ্চলটো এক প্ৰকাৰৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি আহিছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|