• Home
  • »
  • News
  • »
  • assam
  • »
  • ঘৰৰ ভিতৰতে ব্যৱসায়ীৰ পত্নীক নৃশংসভাৱে হত্যা, নগাঁও চহৰৰ মাজমজিয়াত লোমহৰ্ষক হত্যাকাণ্ড

ঘৰৰ ভিতৰতে ব্যৱসায়ীৰ পত্নীক নৃশংসভাৱে হত্যা, নগাঁও চহৰৰ মাজমজিয়াত লোমহৰ্ষক হত্যাকাণ্ড

এই বিষয়ে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই বিষয়ে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই বিষয়ে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

  • Share this:
নগাঁও চহৰৰ মাজমজিয়াৰ হৰিজন কলনীত সংঘটিত এক নৃশংস হত্যাকাণ্ডই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সুযোগতে হৰিজন কলনীৰ ৰাজদ্বীপ দত্ত নামৰ ঔষধ ব্যৱসায়ীজনৰ পত্নী ৰুবী দত্ত(৩৮)ক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি ৰেপি অতি নৃশংসভাৱে হত্যা কৰে। তেজেৰে তুমৰলি অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে।

এই বিষয়ে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কোনে কি কাৰণে সম্ভ্ৰান্ত ঘৰৰ এই বোৱাৰীগৰাকীক সন্ধিয়াতে অতি নৃশংসভাৱে হত্যা কৰিলে তাৰ একো উৱাদিহ উলিয়াব পৰা নাই আৰক্ষীয়ে।

উল্লেখ্য ,মহিলাগৰাকীৰ এটি দহ-বাৰ বছৰীয়া পুত্ৰ সন্তান আছে। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি সন্ধিয়া ৰাজদ্বীপ দত্ত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত আছিল। সেই সময়ত ৰুবী দত্তই নিজ মাতৃৰ সৈতে ফোনত কথা পাতি আছিল। কিন্তু তাৰ মাজতে ৰুবীৰ মাতৃয়ে এক চিৎকাৰ শুনিবলৈ পায় আৰু লগে লগে ফোনৰ সংযোগ বিচ্ছিন্ন হৈ পৰে।

প্ৰথমাৱস্থাত তেওঁ জীয়েক পিছল খাই পৰা বুলি সন্দেহ কৰি জোঁৱায়েকলৈ ফোন কৰে। নগাঁও সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত্বত সন্ধিয়া সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইপিনে, নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙে সাংবাদিকৰ আগত কয়,"আমি ৰুবী দত্তৰ দহ-বাৰ বছৰীয়া পুত্ৰৰ পৰা জানিব পাৰিছো যে তেওঁ সন্ধিয়া ৭.৩০ মান বজাত মাকৰ সৈতে ফোনত কথা পাতি আছিল। তেনেতে তেওঁলোকৰ ঘৰৰ কলিংবেলটো বাজি উঠাত ৰুবী দত্তই ঘৰৰ দুৱাৰ খন খুলি দিয়ে। তেতিয়াই হাতত চোকা অস্ত্ৰ লৈ অহা দুৰ্বৃত্তই তেওঁক ডিঙি ৰেপি হত্যা কৰে। হত্যাকাৰীয়ে সেই চুৰীখনো পেলাই থৈ গৈছে। এয়া ডকাইতিৰ ঘটনা নহয়। কিয়নো ঘৰৰ একো বয়-বস্তু ইফাল সিফাল হোৱা নাই। আমি তদন্ত আৰম্ভ কৰিছো। সময়ত সকলো পোহৰলৈ আহিব।"

ইপিনে, মহিলা গৰাকীৰ স্বামী ৰাজদ্বীপ দত্তই সাংবাদিকৰ আগত কয়,"মই ঘৰত নাছিলো। দাদাই ফোন কৰি খবৰ দিলে। মই আহি দেখো তেওঁ মজিয়াত ৰক্তাক্ত হৈ পৰি আছে।"
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি