লেখাপানীত জঘন্য ঘটনা, স্বামীক হত্যা কৰি পত্নীক বলাৎকাৰৰ চেষ্টা দুৰ্বৃত্তৰ

Source-Google
দুষ্কৰ্মত বাধা প্ৰদান কৰাৰ বাবেই ৰাজ কাৰ্কীয়ে গকুল কছাৰীক চোকা অস্ত্ৰৰে হানি–খুচি নিৰ্মমভাৱে হত্যা কৰে।
- News18 Assam
- Last Updated: May 11, 2020, 7:13 PM IST
হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্থানীয় লোকে জানিব পাৰি আৰক্ষীক খবৰ দিয়াত ততাতয়াকৈ লেখাপানীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী ৰাজ কাৰ্কীক আটক কৰি থানালৈ লৈ আহে। লেখাপানী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ বিপৰীতে ৰাজ কাৰ্কীক আটক কৰি লেখাপানী থানাত ৫১/২০২০ নম্বৰৰ এক গোছৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। হত্যাকাণ্ড সংঘটিত কৰা ৰাজ কাৰ্কী (২৭) নামৰ লোকজন স্থানীয় লোকে নেপালৰ বুলি জনাইছে যদিও কৰ্মসূত্ৰে টিপঙত বিগত বহু দিনৰ পৰা বাস কৰি আহিছিল।