প্ৰথমে মদৰ পাৰ্টী, তাৰ পিছত কাজিয়া, শেষত এক নৃশংস হত্যাকাণ্ড

ঘটনাস্থলীত উপস্থিত হৈ কমলপুৰ আৰক্ষীয়ে হত্যাকাৰী মনোজক আটক কৰিবলৈ সক্ষম হয়।

News18-Assam
Updated:October 20, 2019, 9:11 AM IST
প্ৰথমে মদৰ পাৰ্টী, তাৰ পিছত কাজিয়া, শেষত এক নৃশংস হত্যাকাণ্ড
ঘটনাস্থলীত উপস্থিত হৈ কমলপুৰ আৰক্ষীয়ে হত্যাকাৰী মনোজক আটক কৰিবলৈ সক্ষম হয়।
News18-Assam
Updated: October 20, 2019, 9:11 AM IST
বাইহাতা চাৰিআলিৰ কমলপুৰত নৃশংস হত্যাকাণ্ড। লাউকুৰি গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড। পীতাম্বৰ নাথ নামৰ ৰঙিয়া থানাৰ অন্তৰ্গত বৰদল গাঁৱৰ লোকজনে দিন হাজিৰা কৰিছিল লাউকুৰি গাঁৱৰ কংকন শৰ্মাৰ ঘৰত। দুপৰীয়া কাম শেষ কৰাৰ পিছত মনোজ কলিতা নামৰ আন এজন লোকৰ সৈতে সুৰাপান কৰিবলৈ যায় এটা পুখুৰীৰ পাৰত। সুৰাপান কৰি থকাৰ সময়তে দুয়োৰে মাজত কথাৰ কটাকটি হয়। খঙতে মনোজে হাতত থকা দাখনেৰে পীতাম্বৰৰ ডিঙিত আক্ৰমণ কৰে। দাৰ ঘাপত থিতাতে নিহত হয় পীতাম্বৰ নাথ। হত্যাকাণ্ডৰ পিছতে মনোজ কলিতাই মৃতদেহটো তামোলৰ ঢকুৱাৰে ঢাকি থয়। ঘটনাস্থলীত উপস্থিত হৈ কমলপুৰ আৰক্ষীয়ে হত্যাকাৰী মনোজক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত মনোজে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি