உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মহিলাৰ সৰা চুলিক লৈ কাজিয়া, কলিয়াবৰৰ শালনাত দাৰে ঘপিয়াই এজনক নৃশংসভাৱে হত্যা

    মহিলাৰ সৰা চুলিক লৈ কাজিয়া, কলিয়াবৰৰ শালনাত দাৰে ঘপিয়াই এজনক নৃশংসভাৱে হত্যা

    এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি শালনা আৰক্ষী চকীত আত্মসৰ্মপণ কৰে অমিৰ ভুমিজে।

    এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি শালনা আৰক্ষী চকীত আত্মসৰ্মপণ কৰে অমিৰ ভুমিজে।

    এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি শালনা আৰক্ষী চকীত আত্মসৰ্মপণ কৰে অমিৰ ভুমিজে।

    • Share this:
    কলিয়াবৰৰ শালনাত সংঘটিত হৈছে এক নৃশংস হত‍্যাকাণ্ড। ডিঙিত চোকা অস্ত্ৰৰে ঘপিয়াই হত‍্যা গৌতম মল্লিক(৩৫) নামৰ এজন লোকক। বৃহস্পতিবাৰে বিয়লি চুবুৰীয়া অমিৰ ভুমিজ নামৰ লোকজনে হত্যা কৰে লোকজনক।

    কিন্তু হত্যাকাণ্ডৰ কাৰণ জানিলে আচৰিত হ’ব আপুনি। মহিলাৰ পেলনীয়া চুলিৰ বাবেই সংঘটিত হ'ল এই নৃশংস হত্যাকাণ্ডটো। গৌতম মল্লিক(৩৫) নামৰ লোকজনৰ পত্নীয়ে  চুলি ক্ৰয় কৰিবলৈ আহিবলগীয়া বেপাৰীৰ বাবে মজুত কৰিছিল নিজৰ সৰা চুলি। অমিৰ ভুমিজৰ পত্নীয়ে  গৌতম মল্লিকৰ পত্নীৰ চুলি বেয়া বুলি কৈ তৰ্কা-তৰ্কিত লিপ্ত হৈছিল। তাৰ পিছত দুই মহিলাৰ স্বামীৰ মাজত আৰম্ভ হয় কাজিয়া। পৰিণতিত সুৰাৰ ৰাগীত মাতাল অমিৰ ভুমিজে ঘৰৰ ভিতৰৰ পৰা দা এখন আনি গৌতম মল্লিকৰ ডিঙি ঘপিয়াই দিয়া বুলি স্থানীয় লোক আৰু আৰক্ষীয়ে প্ৰকাশ কৰিছে।

    এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি শালনা আৰক্ষী চকীত আত্মসৰ্মপণ কৰে অমিৰ ভুমিজে। ইফালে, ঘটনাস্থলীত শালনা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। চাহ বাগিচা অঞ্চলত সহজলভ্য অবৈধ চুলাই মদৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন মহলে মন্তব্য কৰিছে।
    Published by:Sanjay Kumar Das
    First published: