তীৰ্থনগৰী হাজোত চাঞ্চল্যকৰ হত্যাকাণ্ড, কিহৰ বাবে ভতিজাকে হত্যা কৰিলে খুৰাকক?

News18 Assam | News18-Assam
Updated:January 30, 2020, 8:59 AM IST
তীৰ্থনগৰী হাজোত চাঞ্চল্যকৰ হত্যাকাণ্ড, কিহৰ বাবে ভতিজাকে হত্যা কৰিলে খুৰাকক?
মূৰৰ লগতে দেহৰ কেইবা ঠাইতো আঘাত পোৱা বিৰহু দাসক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মূৰৰ লগতে দেহৰ কেইবা ঠাইতো আঘাত পোৱা বিৰহু দাসক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

  • Share this:
এক নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে তীৰ্থনগৰী হাজোক। নিজ ভতিজাকৰ হাতত প্ৰাণ হেৰুৱালে খুৰাকে। হাজোৰ জাপিয়াত সংঘটিত হৈছে এই হত্যাকাণ্ড। বৃহস্পতিবাৰে জাপিয়া গাঁৱৰ বিৰহু দাস নামৰ লোকজনৰ নিজৰ ডাঙৰ ককায়েকৰ পুত্ৰ থোপো দাসৰ লগত সামান্য কিবা কথাত মতানৈক্য ঘটিছিল। কিন্তু, নিজৰ ঘৰতে হোৱা এই মতানৈক্যই পিছলৈ লয় চূড়ান্ত ৰূপ। ভতিজা থোপো দাসে হঠাতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বিৰহু দাসক।

এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে থোপো দাসে। মূৰৰ লগতে দেহৰ কেইবা ঠাইতো আঘাত পোৱা বিৰহু দাসক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইতিমধ্যে অভিযুক্ত থোপো দাসক হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিজ ভতিজাকে খুড়াকক হানি খুচি হত্যা কৰা ঘটনাই এতিয়া সমগ্ৰ হাজোতেই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি