ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, দৰঙৰ ধূলাত লাঠিৰে মৰিয়াই হত্যা এজনক

১৪ জানুৱাৰীত সংঘটিত হোৱা ঘটনাৰ দৃশ্য দেৰিকৈ পোহৰলৈ অহাৰ পিছতে চঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত।
১৪ জানুৱাৰীত সংঘটিত হোৱা ঘটনাৰ দৃশ্য দেৰিকৈ পোহৰলৈ অহাৰ পিছতে চঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত।
- News18 Assam
- Last Updated: January 22, 2021, 3:09 PM IST
জানিব পৰা মতে, ধূলা থানাৰ অন্তৰ্গত গৰাপুৰী নিছপি খেৰা গাঁৱত এটা পৰিয়ালৰ মাজত বহুদিনৰ পৰাই চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত। সমগ্ৰ ঘটনাৰ মীমাংসা কৰিবলৈ স্থানীয় দেৱানী উপস্থিত হোৱাৰ সময়তেই পৰিয়াল দুটাৰ মাজত হাতে হাতে লাঠী লৈ ৰণাংগনত পৰিণত হয়।
১৪ জানুৱাৰীত সংঘটিত হোৱা ঘটনাৰ দৃশ্য দেৰিকৈ পোহৰলৈ অহাৰ পিছতে চঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। বণিজ ইছলাম আৰু তেওঁৰ ছয় পুত্ৰই দা–লাঠি আদিৰে বৰ্বৰভাৱে বাবে কোবাই কোবাই ন বোৱাৰীৰ চকুৰ সন্মুখতে হত্যা কৰিলে স্বামী শুকুৰ আলীক।
ধূলা আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে যদিও ঘটনাৰ মূল নায়ক এতিয়াও মুকলি আকাশৰ তলত থকাৰ লগতে পৰিয়ালটোক এতিয়াও ভাবুকি প্ৰদান কৰি আছে। ঘটনাত জড়িত হত্যাকাৰী পিতা পুত্ৰৰ দলটোক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আৰক্ষী–প্ৰশাসনৰ ওচৰত দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।