মুখ্যপৃষ্ঠা »খবৰ »অসম »পূজাৰ মাজতে বঙাইগাঁৱত নৃশংস হত্যাকাণ্ড, লগৰীয়াই ছুৰীৰে হানি–খুচি হত্যা কৰিলে পূজা চাবলৈ যোৱা যুৱকক

পূজাৰ মাজতে বঙাইগাঁৱত নৃশংস হত্যাকাণ্ড, লগৰীয়াই ছুৰীৰে হানি–খুচি হত্যা কৰিলে পূজা চাবলৈ যোৱা যুৱকক

পৰিয়ালৰ লোক উপস্থিত হৈ যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও যুৱকজনক মৃত বুলি ঘোষণা কৰে৷

পৰিয়ালৰ লোক উপস্থিত হৈ যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও যুৱকজনক মৃত বুলি ঘোষণা কৰে৷

  • Share this:
দুৰ্গোৎসৱৰ মাজতে বঙাইগাঁৱত অঘটন৷ পূজা চাবলৈ যোৱা যুৱকক হত্যা কৰি পেলাই থৈ গ’ল লগৰীয়াই৷ বঙাইগাঁৱৰ নিউ ক’ল’নিত নিশা সংঘটিত হয় এই হত্যাকাণ্ড৷ নৱমীৰ সন্ধিয়া গোপাল বৰ্মন নামৰ যুৱকজন ঘৰৰ পৰা পূজা চাবলৈ ওলাই গৈছিল৷ লগৰীয়াৰ সৈতে পূজা চাই থকাৰ সময়তে হঠাতে যুৱকজনৰ সৈতে কাজিয়াৰ সূত্ৰপাত ঘটে। এটা সময়ত কাজিয়াই চূড়ান্ত ৰূপ লয় আৰু গোপাল বৰ্মনক ছুৰীৰে আক্ৰমণ কৰে৷ ৰাজু মহতো নামৰ যুৱক এজনে উপৰ্যুপৰি ছুৰী আক্ৰমণ কৰি পথৰ যুৱকজনক পথৰ দাতিত পেলাই থৈ যায়।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোক উপস্থিত হৈ যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও যুৱকজনক মৃত বুলি ঘোষণা কৰে৷ ৰাজু মহতো নামৰ যুৱকজন নিচাসক্ত আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ ৰাজমিস্ত্ৰীৰ কাম কৰা ৰাজু মহতোৰ সৈতে গোপাল বৰ্মনে সহযোগী হিচাপে কাম কৰি আহিছিল৷

শেহতীয়া বাতৰি