মুখ্যপৃষ্ঠা »খবৰ »অসম »কণ্টেইনমেণ্ট জ’নত হত্যাকাণ্ড, বঙাইগাঁও চহৰৰ মাজমজিয়াত হত্যা কৰি পেলাই থৈ গ’ল যুৱকক

কণ্টেইনমেণ্ট জ’নত হত্যাকাণ্ড, বঙাইগাঁও চহৰৰ মাজমজিয়াত হত্যা কৰি পেলাই থৈ গ’ল যুৱকক

লগৰীয়াৰ মাজত হোৱা বাত–বিতণ্ডাৰ পিছত হত্যাৰ সন্দেহ আৰক্ষীৰ৷

লগৰীয়াৰ মাজত হোৱা বাত–বিতণ্ডাৰ পিছত হত্যাৰ সন্দেহ আৰক্ষীৰ৷

লগৰীয়াৰ মাজত হোৱা বাত–বিতণ্ডাৰ পিছত হত্যাৰ সন্দেহ আৰক্ষীৰ৷

  • Share this:
বঙাইগাঁৱত হত্যাকাণ্ড ৷ জিলাখনৰ কণ্টেইনমেণ্ট জ’নত নিশা সংঘটিত হ’ল নৃশংস হত্যাকাণ্ড ৷ চহৰখনৰ মাজমজিয়াত থকা হোটেল কনিষ্কৰ ওচৰত  হত্যা কৰি পেলাই থৈ গ’ল এজন যুৱকক৷ নিহত যুৱকজন কৰ্নব জ্যোতি মেধি৷ চোকা অস্ত্ৰৰে হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ গ’ল যুৱকজনক৷ ঘটনা সংঘটিত কৰি খোজ কাঢ়ি পলায়ন হত্যাকাৰীৰ৷

লগৰীয়াৰ মাজত হোৱা বাত–বিতণ্ডাৰ পিছত হত্যাৰ সন্দেহ আৰক্ষীৰ৷ এই হত্যাকাণ্ডৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী ফণীভূষণ চৌধুৰী , আৰক্ষী অধীক্ষক সিংহৰাম মিলি আৰু ডিআইজি ৰৌনাক আলী হাজৰিকা৷ আৰক্ষী অধীক্ষক সিংহৰাম মিলিয়ে কয় যে যুৱকজন নিচাসক্ত হোৱাৰ লগতে লগৰীয়াৰ মাজত হোৱা কাজিয়াৰ পৰিণতিত হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ বঙাইগাঁও থানাৰ পৰা আধা কিলোমিটাৰতকৈ কম দূৰত্বত সংঘটিত এই হত্যাকাণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

শেহতীয়া বাতৰি