
মহিলা গৰাকীক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
মহিলা গৰাকীক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
চিৰাঙৰ বিজনীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বিজনীৰ ২নং ভেটাগাঁৱত স্থানীয় ৰিংকু নাৰ্জাৰী (২৮) নামৰ এজন যুৱকে হঠাতে ডেগাৰেৰে হানি হত্যা কৰে এগৰাকী মহিলাক। নিহত মহিলা গৰাকী ২নং ভেটাগাঁও নিবাসী অনিমা সৰকাৰ( ৪৮)।
মহিলা গৰাকীক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ঘটনাস্থলীত বিজনী থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ৰিংকু নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ আহি তদন্ত আৰম্ভ কৰিছে। ঘটনা সংক্ৰান্তত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্র ফেডাৰেচনে উক্ত স্থানত থকা চুলাই মদৰ ঘাটিৰ পৰা কাজিয়াৰ সূত্ৰপাত হোৱা বুলি অভিযোগ উত্থাপন কৰি ৪৮ ঘণ্টাৰ ভিতৰত এই ঘাটিসমূহ উচ্ছেদ কৰাৰ বাবে দাবী উত্থাপন কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|