• Home
  • »
  • News
  • »
  • assam
  • »
  • Baksa: বহুদিন ধৰি পত্নী অসুস্থ হৈ আছিল, চিকিৎসা কৰিও কোনো সুফল নোপোৱাত ডাইনী সন্দেহত স্বামীৰ বলি হ'ল এটা দম্পতী

Baksa: বহুদিন ধৰি পত্নী অসুস্থ হৈ আছিল, চিকিৎসা কৰিও কোনো সুফল নোপোৱাত ডাইনী সন্দেহত স্বামীৰ বলি হ'ল এটা দম্পতী

 এই হত্যাকাণ্ডই সমগ্ৰ জিলাখনকে লজ্জানত কৰাৰ লগতে চাঞ্চল্যৰো সৃষ্টি কৰা দেখা গৈছিল৷

এই হত্যাকাণ্ডই সমগ্ৰ জিলাখনকে লজ্জানত কৰাৰ লগতে চাঞ্চল্যৰো সৃষ্টি কৰা দেখা গৈছিল৷

এই হত্যাকাণ্ডই সমগ্ৰ জিলাখনকে লজ্জানত কৰাৰ লগতে চাঞ্চল্যৰো সৃষ্টি কৰা দেখা গৈছিল৷

  • Share this:
ডাইনী সন্দেহত আজি বাক্সা জিলাত এটা দম্পতীক হত্যা কৰা ঘটনাই জোকাৰি গৈছে বাক্সা। এই হত্যাকাণ্ডটো সংঘটিত হৈছে জিলাখনৰ ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডুমুনী চাহ বাগিচাৰ দহ নম্বৰ লাইনত ৷ ডাইনী সন্দেহত দুই পতি-পত্নী ক্ৰমে শুক্ৰা কছুৱা আৰু বালামদিনা তিৰ্কীক হানি-খুঁচি হত্যা কৰে সূৰয এক্কা নামৰ এজন লোকে ৷

জানিব পৰা মতে, ডুমুনী চাহ বাগিচাৰ  সূৰয এক্কা নামৰ লোকজনৰ পৰিয়ালত বহুদিন ধৰি কিছুমান অদ্ভূত ঘটনা সংঘটিত হৈ আহিছিল ৷ আনকি বহুদিন ধৰি পত্নীও অসুস্থ হৈ আছিল ৷ বহু চিকিৎসা কৰিও কোনো সুফল নোপোৱাত সূৰয এক্কাই ডুমুনীৰ দহ নম্বৰ লাইনৰ দুই বৃদ্ধ দম্পতী শুক্ৰা কছুৱা আৰু বালামদিনা তিৰ্কীয়ে পৰিয়ালটোক তন্ত্ৰ-মন্ত্ৰ কৰা বুলি সন্দেহ কৰি ভয়-ভাবুকি দি থকাৰ সময়তে আজি দুপৰীয়া শুক্ৰা কছুৱাৰ ঘৰত প্ৰৱেশ কৰি দুই পতি-পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত দুয়োগৰাকী থিতাতে নিহত হয় (Murder for superstition in baksa) ৷

নিহত দম্পতীটোৰ জীয়ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ডাইনী সন্দেহতে তেওঁৰ পিতৃ-মাতৃক সূৰয এক্কাই হত্যা কৰিছে ৷ সূৰযৰ পৰিয়ালত আত্মা জাপি দিয়াৰ সন্দেহ কৰি ভাবুকি দি আহিছিল তেওঁলোকক ৷ আজি দুপৰীয়া ঘৰলৈ আহি আক্ৰমণ কৰি হত্যা কৰে ৷

ইতিমধ্যে ঘটনাৰ সবিশেষ তথ্য লাভ কৰি ঘটনাস্থলীত ডুমুনী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা থানালৈ আনি মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে মুছলপুৰ আৰক্ষীয়ে অভিযান চলাই হত্যাকাৰী সুৰয এক্কাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই হত্যাকাণ্ডই সমগ্ৰ জিলাখনকে লজ্জানত কৰাৰ লগতে চাঞ্চল্যৰো সৃষ্টি কৰা দেখা গৈছিল৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি