உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মৰিয়নীত ভূমিকেন্দ্ৰীক সংঘাতৰ বাবে নৃশংস হত্যাকাণ্ড, পলাতক হত্যাকাৰী

    মৰিয়নীত ভূমিকেন্দ্ৰীক সংঘাতৰ বাবে নৃশংস হত্যাকাণ্ড, পলাতক হত্যাকাৰী

    যুৱকজনক হত্যা কৰি কাষৰ এখন পথাৰত মৃতদেহটো পেলাই থৈ যায় হত্যাকাৰীয়ে।

    যুৱকজনক হত্যা কৰি কাষৰ এখন পথাৰত মৃতদেহটো পেলাই থৈ যায় হত্যাকাৰীয়ে।

    যুৱকজনক হত্যা কৰি কাষৰ এখন পথাৰত মৃতদেহটো পেলাই থৈ যায় হত্যাকাৰীয়ে।

    • Share this:
    মৰিয়নীত ভূমিকেন্দ্ৰীক সংঘাতৰ বাবে সংঘটিত হৈছে এটা নৃশংস হত্যাকাণ্ডৰ ঘটনা।মৰিয়নীৰ দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভেলেউগুৰি কালিয়া গাঁও নিবাসী ভূপেন বৰাৰ পুত্ৰ বীৰেন বৰা (২৬) নামৰ যুৱকজনক অচিনাক্ত দুবৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে।

    যুৱকজনক হত্যা কৰি কাষৰ এখন পথাৰত মৃতদেহটো পেলাই থৈ যায় হত্যাকাৰীয়ে। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত দেৱেৰাপাৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত পথাৰৰ পানীত পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

    আনহাতে, হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত আৰক্ষীৰ সন্মুখত ঘটনাস্থলীতে স্থানীয় ৰাইজে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। আৰক্ষীয়ে শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি শান্ত হয়। আনহাতে, হত্যাকাৰীৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে প্ৰাথমিক অনুসন্ধানত ভূমিকেন্দ্ৰীক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
    Published by:Sanjay Kumar Das
    First published: