
ছাগলী চোৰ বুলি অভিযুক্ত সজাই প্ৰায় ৭ জনীয়া এটা দলে ঘৰৰ খুটাত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ।
ছাগলী চোৰ বুলি অভিযুক্ত সজাই প্ৰায় ৭ জনীয়া এটা দলে ঘৰৰ খুটাত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ।
বছৰৰ প্ৰথমটো দিনতে দেৰগাঁৱত সংঘটিত হ'ল ভয়ংকৰ হত্যাকাণ্ড। যোৱানিশা এজন লোকক মৰিয়াই মৰিয়াই হত্যা। দেৰগাৱঁৰ মামৰণিত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। হত্যাৰ বলি হোৱা লোকজনৰ নাম সঞ্জয় দাস ওৰফে আহোম। মৃত ব্যক্তিজনৰ বয়স ৩৮ বছৰ বুলি জানিব পৰা গৈছে।
ছাগলী চোৰ বুলি অভিযুক্ত সজাই প্ৰায় ৭ জনীয়া এটা দলে ঘৰৰ খুটাত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ। নিশাই দেৰগাঁও আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই হত্যাকাণ্ডৰ লগত জড়িতৰ অভিযোগত দুজন লোকক ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে আটক কৰি জেৰা চলাই আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|