உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভয়ংকৰ ঘটনা! দিন দুপৰতে গুৱাহাটী মহানগৰীৰ এখন দোকানৰ সমীপত লোমহৰ্ষক হত্যাকাণ্ড

    ভয়ংকৰ ঘটনা! দিন দুপৰতে গুৱাহাটী মহানগৰীৰ এখন দোকানৰ সমীপত লোমহৰ্ষক হত্যাকাণ্ড

    Source-Google

    Source-Google

    নুনমাটি হাইস্কুলৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

    • Share this:
    ভয়ংকৰ ঘটনা! দিন দুপৰতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নুনমাটি হাইস্কুলৰ সমীপত সংঘটিত হৈছে এই ঘটনা। সমগ্ৰ ঘটনা বন্দী হৈছে চিচি টিভি কেমেৰাত।

    নুনমাটিৰ আৰমাণ্ড হোম ফাৰ্ণিছিং দোকানৰ সমীপত সংঘটিত হৈছে এই ঘটনা। আৰমাণ্ড হোম ফাৰ্ণিছিঙৰ কৰ্মচাৰী হুছেইন আলী নামৰ এজন যুৱকৰ  সৈতে ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকৰ প্ৰথমে তৰ্কা-তৰ্কি লাগে।

    প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে, প্ৰথমে দোকানৰ কৰ্মচাৰী হুছেইন আলীৰ লগত তৰ্কযুদ্ধ হৈছিল ঋতুপৰ্ণৰ। তাৰ পিছতে দুয়োৰে মাজত হৈছিল প্ৰচণ্ড মাৰপিট। সেই সময়তে সুযোগ বুজি সমীপতে থকা ঘৰলৈ গৈ ছুৰী লৈ আহিছিল হুছেইন আলীয়ে। আৰু পিছত বাহিৰলৈ উলিয়াই নি ছুৰিৰে হানি-খুচি হত্যা কৰে ঋতুপৰ্ণক।

    বৰ্তমান নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে আৰক্ষীয়ে আৰমাণ্ড হোম ফাৰ্ণিছিঙৰ মালিক আৰমান আলী আৰু কৰ্মচাৰী হুছেইন আলীক আটক কৰে।

    আৰক্ষীয়ে জনোৱা মতে, ‘এখন টোলত বহাকলৈ দোকান খনৰ কৰ্মচাৰী হুছেইন আলীৰ সৈতে তৰ্কা-তৰ্কি লাগিছিল ঋতুপৰ্ণৰ। আৰু তেতিয়াই হুছেইন আলীয়ে ঘৰৰ মানুহ মাতি আনে আৰু ৰিতুপৰ্ণ পেগুক ছুৰিৰে হানি-খুচি হত্যা কৰে। মৃত ঋতুপৰ্ণৰ ঘৰ গুৱাহাটীৰ জু ৰোডত বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, পূৰ্বতে আৰমান হোম ফাৰ্নিছিঙতে ছেলছমেন ৰূপে কৰ্মৰত আছিল ঋতুপৰ্ণ।
    First published: