• Home
  • »
  • News
  • »
  • assam
  • »
  • Kokrajhar Murder Case : পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ, গোসাঁইগাঁৱৰ শিমলাবাৰী টাপুত নৃশংস হত্যাকাণ্ড

Kokrajhar Murder Case : পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ, গোসাঁইগাঁৱৰ শিমলাবাৰী টাপুত নৃশংস হত্যাকাণ্ড

হত্যাকাণ্ডৰ আঁৰত ডাইনীজনিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ থকা বুলি সদৌ চাওঁতাল ছাত্র সন্থাৰ দাবী

হত্যাকাণ্ডৰ আঁৰত ডাইনীজনিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ থকা বুলি সদৌ চাওঁতাল ছাত্র সন্থাৰ দাবী

হত্যাকাণ্ডৰ আঁৰত ডাইনীজনিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ থকা বুলি সদৌ চাওঁতাল ছাত্র সন্থাৰ দাবী

  • Share this:
যি সময়ত দেশৰ সৰ্বোচ্চ পদ অলংকৃত কৰিছে চাওতাল সম্প্ৰদায়ৰ এগৰাকী নাৰীয়ে, তেনে সময়তে চাওতাল সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। ডাইনী সন্দেহত হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে গোসাঁইগাঁৱৰ শিমলাবাৰীত।

ডাইনী সন্দেহতে নিজ মাতৃক পাষাণ্ড পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিছে বুলি চাওঁতাল ছাত্ৰ সন্থাই সন্দেহ ব্যক্ত কৰিছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমলাবাৰী টাপুত যোৱানিশা সংঘটিত এই নৃশংস হত্যাকাণ্ডই সীমান্ত অঞ্চলটোত জোকাৰি গৈছে।

সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত শিমলাবাৰী টাপুত কুলঙ্গাৰ পুত্ৰৰ হাতত মৃত্যুমুখত পৰা মহিলাগৰাকী ৰাম হেমব্ৰমৰ পত্নী চুমী টুডু (৬০)। মাতৃ আৰু পুত্ৰৰ মাজত পাৰিবাৰিক কাজিয়াৰ পিছত কাজিয়াই তুমুল ৰূপ ধাৰণ কৰে আৰু পুত্ৰই নিজ মাতৃক কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৷

কুলঙ্গাৰ পুত্ৰ সৰযু হেমব্ৰমে পিতৃক ঘৰৰ ভিতৰত বান্ধি থৈ মাতৃক হত্যা কৰিছে বুলিও জানিব পৰা গৈছে ৷ এই হত্যাকাণ্ডৰ আঁৰত ডাইনীজনিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ থকা বুলি সদৌ চাওঁতাল ছাত্র সন্থা কাশিয়াবাৰী আঞ্চলিকৰ সাধাৰণ সম্পাদক বুধিৰাম হাছদাই সন্দেহ ব্যক্ত কৰিছে।  মাতৃ হত্যাকাৰী কুলংগাৰ পুত্ৰ সৰযুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি