মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News: নগাঁও চহৰত নৃশংস হত্যাকাণ্ড, পত্নীক হত্যা কৰি পুতি থ'লে মাটিৰ তলত! ঘটনাক লৈ নগাঁৱত তীব্ৰ চাঞ্চল্য

Nagaon News: নগাঁও চহৰত নৃশংস হত্যাকাণ্ড, পত্নীক হত্যা কৰি পুতি থ'লে মাটিৰ তলত! ঘটনাক লৈ নগাঁৱত তীব্ৰ চাঞ্চল্য

নগাঁও চহৰত নৃশংস হত্যাকাণ্ড, পত্নীক হত্যা কৰি পুতি থ'লে মাটিৰ তলত!

নগাঁও চহৰত নৃশংস হত্যাকাণ্ড, পত্নীক হত্যা কৰি পুতি থ'লে মাটিৰ তলত!

ফাঁকুৱাৰ দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল মৃত মমী দাস। আজি শ্ৰমিকে মাটি খান্দিবলৈ আহি প্ৰত্যক্ষ কৰে মমী দাসৰ মৃতদেহ।

  • Share this:
নগাঁৱৰ ডিমৰুগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নীক নৃশংসভাৱে হত্যা কৰি মাটিৰ তলত মৃতদেহ পুতি থোৱাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে। মমী দাস (৩০) নামৰ এগৰাকী মহিলাৰ মৃতদেহ আজি উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।  স্বামী নাৰায়ণ দাসে হত্যা কৰি পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

জানিব পৰা মতে,  মৃত মমী দাস নগাঁৱৰ নেচনেল একাডেমী নামে এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ফাঁকুৱাৰ দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল মৃত মমী দাস। আজি শ্ৰমিকে মাটি খান্দিবলৈ আহি প্ৰত্যক্ষ কৰে মমী দাসৰ মৃতদেহ। মাটিৰ ওপৰলৈ উলায় থকা মৃতদেহৰ হাত প্ৰত্যক্ষ কৰি শ্ৰমিকে চিঞৰ-বাখৰ কৰাত ডিমৰুগুৰিৰ কেঁচা আলি অঞ্চলৰ ৰাইজ গোট খাই আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে গাঁত খান্দি মমী দাসৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখযোগ্য় যে, দুদিন ধৰি পলাতক হৈ আছে নাৰায়ণ দাস। নাৰায়ণ দাস পেছাত ই-ৰিক্সা চালক। স্থানীয় লোকৰ মতে, নাৰায়ণ দাসে প্ৰায়ে নিশা সুৰামত্ত অৱস্থাত নিজ পত্নীক মাৰধৰ কৰিছিল। সেয়ে পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

শেহতীয়া বাতৰি