অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত লোমহৰ্ষক হত্যাকাণ্ড, আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ

News18 Assam | News18-Assam
Updated:November 29, 2019, 6:53 PM IST
অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত লোমহৰ্ষক হত্যাকাণ্ড, আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ
Source-Google

মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো

  • Share this:
যোৰহাটস্থিত অসম কৃষি বিশ্ব বিদ্যালয়ৰ চৌহদত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ সমীপত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। মৃত লোকজনৰ নাম ৰাকেশ সিং ওৰফে পংকজ বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত প্ৰদীপ বাছফৰ নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে, হত্যাকাণ্ড কেতিয়া সংঘটিত কৰি মৃতদেহ পুতি থোৱা হৈছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি