"আহোম জাতিক আমি অপমান কৰা নাই এয়া কোনো দুষ্টচক্ৰৰ কু–অভিসন্ধি" শনিবাৰে সংবাদ মেল অনুষ্ঠিত কৰি ষড়যন্ত্ৰকাৰীক সকীয়াই দিয়ে বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে।
ৰাহুল গান্ধী নে আহোম জাতি? বিজেপিয়ে কাক মুৰ্দাবাদ দিলে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সম্পৰ্কত কংগ্ৰেছ নেতাই আপত্তিজনক মন্তব্য কৰাৰ বাবেই বিজেপিয়ে শুকুৰবাৰে দলীয় কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছিল। প্ৰতিবাদৰ সময়ত এই মন্তব্যৰ বাবেই জাঙুৰ খাই উঠিছে বিভিন্ন টাই আহোম সংগঠন।
শুনিলে কোনো কোনো সময়ত এয়া যেন ৰাহুল গান্ধী মুৰ্দাবাদ নহয় আহোম জাতি মুৰ্দাবাদ বুলিও শুনা যায়। ইয়াৰ বাবে অৱশ্যে সমগ্ৰ ভিডিঅ'টো কোনো দুষ্টচক্ৰই ৰাহুল গান্ধী মুৰ্দাবাদৰ ঠাইত বিকৃত কৰি আহোম জাতি মুৰ্দাবাদ কৰিছে বুলি অভিযোগ কৰে শাসকীয় বিজেপিয়ে।
ইয়াৰ বাবে গেৰুৱা দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইৰ নেতৃত্বত যোৱা এটা দলে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰে। থানাত এজাহাৰ দাখিলৰ পিছতেই বাজপেয়ী ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে পুলক গোহাঁয়ে। এয়া বিজেপিৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ।
''আমাৰ প্ৰতিবাদী শ্লোগান বিকৃত কৰিছে। শ্লোগান বিকৃত কৰা দুষ্ট চক্ৰটোৰ লগত বিৰোধী দল জড়িত হৈ আছে। গতিকে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বিজেপিয়ে।'' -সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে বিজেপি নেতা পুলক গোহাঁয়ে। বিজেপিৰ নেতাসকলে প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধী মুৰ্দাবাদ কৈছে নে আহোম জাতি মুৰ্দাবাদ কৈছে সেইটো প্ৰয়োজন হ'লে ফৰেনছিকত তদন্ত কৰিবলৈও দাবী জনাই বিজেপিয়ে।
উল্লেখ্য যে পূৰ্বেও শিলচৰ বিমান বন্দৰৰ বাহিৰত AIUDFৰ বিধায়কৰ একাংশ সমৰ্থকে আজিজ খান জিন্দাবাদ দিওঁতে পাকিস্তান জিন্দাবাদ দিয়া বুলি ইছ্যু বনাইছিল।
Published by: Gautam Barman
FIRST PUBLISHED : July 30, 2022, 22:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।