তিনিচুকীয়া জিলাৰ পিছত এইবাৰ মঙলদৈত পোহৰলৈ আহিছে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক সৎকাৰৰ কাৰণে ধন দাবী কৰাৰ ঘটনা। ধন দিব নোৱাৰাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত চাৰি ঘণ্টা ধৰি পেলাই থ’লে মৃতদেহ।
বুধবাৰে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল মঙলদৈৰ বেজপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপেশ্বৰ চহৰীয়াৰ। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বুধবাৰে ৬১ বছৰীয়া তপেশ্বৰ চহৰীয়াক বিয়লি ভৰ্তি কৰোৱা হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়ত।
বহু দিনৰ পৰা অসুস্থ হৈ থকা লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত প্ৰথমে কোভিড টেষ্ট কৰাত দেহত ধৰা পৰে পজিটিভ। মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে যদিও আৰু তপেশ্বৰ চহৰীয়াৰ স্বাস্থ্যত অৱনতি হোৱাত ১০২ এম্বুলেঞ্চৰ জৰিয়তে GMCHলৈ প্ৰেৰণ কৰা হয়। কিন্তু গুৱাহাটী নৌপাওঁতেই মৃত্যু হয় লোকজনৰ।
পৰিয়ালৰ লোকে পুনৰ মঙলদৈ অসামৰিক চিকিৎসায়লৈ ঘূৰাই আনে লোকজনক। ঘূৰাই অনাৰ পিছত চিকিৎসালয়ৰ বাহিৰত পেলাই ৰাখিলে মৃতদেহটো। কোনো এগৰাকী চিকিৎসক ওলাই আহি মৃত ঘোষণা নকৰিলে লোকজনক। কাষতে বহি বহু সময় কান্দি থাকিল তেওঁৰ পত্নী। বাহিৰত ৰৈ থাকিল পৰিয়ালৰ লোকসকল।
প্ৰায় ৪-৫ ঘণ্টা তেনেদৰে পৰি থকাৰ পিছত পৌৰসভাৰ কৰ্মচাৰী উপস্থিত হোৱাত মৃতকৰ পৰিয়ালে তেওঁলোকৰ গাঁৱৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ আহ্বান জনায় আৰু সেই সময়তেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ কাৰণে মৃতকৰ পৰিয়ালক পৌৰসভাৰ কৰ্মচাৰীয়ে প্ৰথমে ৩২ হাজাৰ তাৰ পিছত ২৫ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে।
ইয়াৰ পিছতেই পৰিয়ালৰ লোকে উত্তপ্ত কৰি তোলে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চৌহদ। দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওঝা, চক্ৰ বিষয়া দীপশিখা শইকীয়া, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনবন্ধু ভূঞাৰ উপস্থিতিত অৱশেষত নিয়ন্ত্ৰণ হয় পৰিৱেশ।
প্ৰশ্ন হয়, কোৰোণাক লৈ বৰ্তমান কি চলিছে ৰাজ্যত? এফালে কোৰোণাত মৃত্যু হোৱা লোকৰ মৃতদেহ পৰিয়ালক সৎকাৰ কৰাৰ অনুমতি নিদিয়ে চৰকাৰে, আনফালে সৎকাৰৰ বাবে ধনদাবী কৰে প্ৰশাসন তথা পৌৰকৰ্মীয়ে। মৃতদেহ সৎকাৰৰ বাবে দৰ–দাম কৰা লোকসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে চৰকাৰ–প্ৰশাসনে?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|