বঙাইগাঁৱত নহ’ল অগপ-বিজেপিৰ মাজত মিত্ৰতা৷ আগন্তুক পৌৰসভা নিৰ্বাচনৰ (municipal elections) বাবে দুই দলৰ ৰাজ্যিক নেতৃত্বই মিত্ৰতাৰ কথা ঘোষণা কৰিলেও জিলাখনৰ বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভা দুয়োখনতে আসন বজাবুজি নহ’ল, যাৰ বাবে পৃথকে দুয়োটা দলে নিজ নিজ প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷
অগপৰ দখলত থকা বঙাইগাঁও পৌৰসভাৰ মুঠ ২৫খন আসনৰ ভিতৰত বিজেপিক পাঁচখন আসনহে অগপই এৰি দিবলৈ সন্মত হোৱাত আসন বুজাবুজি সম্ভৱপৰ হৈ নুঠিল ৷ উল্লেখ্য যে বিগত পৌৰসভা নিৰ্বাচনত অগপই ১৯খন, বিজেপি ৩খন, কংগ্ৰেছ ২খন আৰু নিৰ্দলীয় ১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷
ইফালে, BJPৰ দখলত থকা অভয়াপুৰী পৌৰসভাত AGPয়ে দাবী কৰা মতে পাঁচখন আসন বিজেপিয়ে এৰি নিদিয়াৰ ফলত বুজাবুজিত উপনীত নহ’ল ৷ ইতিমধ্যে বঙাইগাঁও জিলা বিজেপিয়ে এককভাৱে বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভাত (Abhayapuri municipality) প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
বঙাইগাঁও পৌৰসভাত (Bongaigaon Municipality) ২৪টা আৰু অভয়াপুৰী পৌৰসভাত ১১টা ৱাৰ্ডত প্ৰাৰ্থীৰ নাম বিজেপিয়ে ঘোষণা কৰিছে ৷ একেদৰে অগপৰ ফালৰ পৰাও নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইফালে, মিত্ৰতাক লৈ বিজেপিয়ে গ্ৰহণ কৰা ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ অগপৰ জিলা সভাপতিয়ে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ মিত্ৰতাক লৈ আলোচনা কৰাৰ পিছত বিজেপিৰ ফালৰ পৰা বিষয়টো আগবঢ়াই নিনিয়াৰ বাবেই মিত্ৰতা নহ’ল বুলি কয় বিধায়ক চৌধুৰীয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|