• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Municipal Election Results: পৌৰসভা নিৰ্বাচনত বিজেপিৰ বৃহত্‍ জয়, ৮০খনৰ ৭৭ খন পৌৰসভাই দখল কৰিলে বিজেপি মিত্ৰজোঁটে, কংগ্ৰেছৰ দখলত মাত্ৰ এখন

Assam Municipal Election Results: পৌৰসভা নিৰ্বাচনত বিজেপিৰ বৃহত্‍ জয়, ৮০খনৰ ৭৭ খন পৌৰসভাই দখল কৰিলে বিজেপি মিত্ৰজোঁটে, কংগ্ৰেছৰ দখলত মাত্ৰ এখন

আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিলে ৭৭খন পৌৰসভা।

আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিলে ৭৭খন পৌৰসভা।

আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিলে ৭৭খন পৌৰসভা।

  • Share this:
বিজেপিৰ ছুনামীত বিধ্বস্ত বিৰোধী। আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিলে ৭৭খন পৌৰসভা। সৰ্বমুঠ ৮০খন পৌৰসভাত হোৱা ভোট যুদ্ধত কংগ্ৰেছে মাত্ৰ এখন পৌৰসভা দখল কৰিবলৈ সক্ষম হৈছে।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্ট অনুসৰি ৮০৭টা ৱাৰ্ডত জয়লাভ কৰিছে বিজেপিয়ে। আনহাতে কংগ্ৰেছে জয়লাভ কৰিছে মাত্ৰ ৭১টা ৱাৰ্ড। অন্যান্যই দখল কৰিছে ৯৯টা ৱাৰ্ড। সৰ্বমুঠ ৯৭৭টা ৱাৰ্ডত হৈছিল নিৰ্বাচন।


নগাঁৱত সৰ্বমুঠ ২৬টা ৱাৰ্ডৰ ভিতৰত ২২টাত জয়লাভ কৰিছে বিজেপিয়ে। সেইদৰে তিনিটা ৱাৰ্ড আৰু কংগ্ৰেছে মাত্ৰ এটা ৱাৰ্ডত জয়লাভ কৰিছে।

সোণাৰিত সৰ্বমুঠ ১৬টা ৱাৰ্ডৰ ভিতৰত ১৪টাত জয়লাভ কৰিছে বিজেপিয়ে। সেইদৰে অগপ আৰু নিৰ্দলীয়ই জয়লাভ কৰিছে এখনকৈ আসন।

মৰাণত সৰ্বমুঠ ১১টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে ৯টা ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে অগপ আৰু কংগ্ৰেছে ১টাতৈ ৱাৰ্ডত জয়লাভ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি