• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত মুম্বাই আৰক্ষীৰ দল, গ্ৰেপ্তাৰ কৰিলে বলাৎকাৰৰ ঘটনাত অভিযুক্ত যুৱকক

অসমত মুম্বাই আৰক্ষীৰ দল, গ্ৰেপ্তাৰ কৰিলে বলাৎকাৰৰ ঘটনাত অভিযুক্ত যুৱকক

অভিযুক্ত যুৱকজন মুম্বাইৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। আৰু যোৱা বছৰ মুম্বাইৰ পৰা পলাই হাইলাকান্দিৰ ধনীপুৰ গাঁৱত থকা নিজ ঘৰলৈ উভতি আহে।

অভিযুক্ত যুৱকজন মুম্বাইৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। আৰু যোৱা বছৰ মুম্বাইৰ পৰা পলাই হাইলাকান্দিৰ ধনীপুৰ গাঁৱত থকা নিজ ঘৰলৈ উভতি আহে।

অভিযুক্ত যুৱকজন মুম্বাইৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। আৰু যোৱা বছৰ মুম্বাইৰ পৰা পলাই হাইলাকান্দিৰ ধনীপুৰ গাঁৱত থকা নিজ ঘৰলৈ উভতি আহে।

  • Share this:
অভিযুক্তক বিচাৰি অসমত উপস্থিত মহাৰাষ্ট্ৰ আৰক্ষী। সুদূৰ মহাৰাষ্ট্ৰৰ পৰা হাইলাকান্দি জিলাত আহি উপস্থিত হৈছে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ চাৰি বিষয়া। ছাজিৰ আহমদ মজুমদাৰ (Sajir Ahmad Mazumder) নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে হাইলাকান্দি জিলাৰ লালা বজাৰলৈ আহিছে মুম্বাই আৰক্ষীৰ এই বিশেষ দলটো। অভিযুক্ত যুৱক ছাজিৰ আহমদ মজুমদাৰৰ বিৰুদ্ধে মুম্বাইত (Mumbai) ৰজু হৈছে বলাৎকাৰৰ গোচৰ।

অসম আৰক্ষীয়ে অপৰাধী চক্ৰৰ বিৰুদ্ধে জােৰদাৰ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ এটা অপৰাধীক বিচাৰি সুদূৰ মুম্বাইৰ পৰা অসমৰ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত উপস্থিত হ’ল মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দল। সোমবাৰে হাইলাকান্দিত উপস্থিত হৈ স্থানীয় লালা বজাৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহযােগত অভিযান চলায়। আৰু এই যৌথ অভিযানত আজি পুৱা লালা থানাৰ অধীনৰ ধনীপুৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ছাজিৰ আহমদ মজুমদাৰ (২০) নামৰ এগৰাকী যুৱকজনক।

ধৃত ছাজিৰ আহমদৰ বিৰুদ্ধে মুম্বাইৰ কোলাবা (colaba) আৰক্ষী চকীত ৰজু হৈ আছে বলাৎকাৰ সংক্ৰান্তীয় এক গোচৰ। মুম্বাইৰ এগৰাকী মহিলাই কোল‍াৱা থানাত ৩০৪/২১ নম্বৰত আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ ধাৰাত ৰজু কৰা এটা গোচৰৰ ভিত্তিত ছাজিৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ উপ-পৰিদৰ্শক প্ৰদীপ কুমাৰে।

জানিব পৰা মতে, অভিযুক্ত যুৱকজন মুম্বাইৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। আৰু যোৱা বছৰ মুম্বাইৰ পৰা পলাই হাইলাকান্দিৰ ধনীপুৰ গাঁৱত থকা নিজ ঘৰলৈ উভতি আহে। মুম্বাই থকা অৱস্থাত তেওঁৰ বিৰুদ্ধে গোচৰটো ৰজু হৈছিল। কিন্তু অতি কৌশলেৰে মুম্বাইৰ পৰা পলায়ন কৰে। তেতিয়াৰ পৰা মুম্বাই আৰক্ষীয়ে অনুসন্ধান চলাই আছিল। অৱশেষত আজি মহাৰাষ্ট্ৰ আৰক্ষীয়ে ছাজিৰ আহমদ মজুমদাৰক গ্ৰেপ্তাৰ কৰি মুম্বাইলৈ লৈ যায়।
Published by:Sanjay Kumar Das
First published: