মুখ্যপৃষ্ঠা »খবৰ »অসম »নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, যোগীঘোপাত নিৰ্মাণ হ’ব দেশৰ প্ৰথম Multi Modal Logistic Park

নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, যোগীঘোপাত নিৰ্মাণ হ’ব দেশৰ প্ৰথম Multi Modal Logistic Park

কেন্দ্ৰীয় চৰকাৰে এক দৃশ্য-শ্ৰব্য বিজ্ঞাপনৰ যোগেদি দাবী কৰা মতে, এই পার্কখনে ২০ লক্ষ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব।

কেন্দ্ৰীয় চৰকাৰে এক দৃশ্য-শ্ৰব্য বিজ্ঞাপনৰ যোগেদি দাবী কৰা মতে, এই পার্কখনে ২০ লক্ষ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব।

কেন্দ্ৰীয় চৰকাৰে এক দৃশ্য-শ্ৰব্য বিজ্ঞাপনৰ যোগেদি দাবী কৰা মতে, এই পার্কখনে ২০ লক্ষ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব।

  • Share this:
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে NHDCLৰ সহযোগত বঙাইগাঁৱৰ যোগীঘোপাত নিৰ্মাণ কৰিব দেশৰে প্ৰথমখন Multi Modal Logistic Park। মঙলবাৰে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰিব। ১৯০ একৰ মাটিত প্ৰায় ৭০০ কোটি টকা ব্যয়েৰে এই পার্ক নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে এক দৃশ্য-শ্ৰব্য বিজ্ঞাপনৰ যোগেদি দাবী কৰা মতে, এই পার্কখনে ২০ লক্ষ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব। লগতে সামগ্ৰীৰ মজুতকৰণ আৰু পৰিবহণত ১০ শতাংশ খৰচ ৰেহাই হ’ব। ইয়াৰ যোগেদি উত্তৰ–পূৱৰ ব্যৱসায়িক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ চুবুৰীয়া বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰে বাণিজ্যিক সম্পৰ্ক গঢ় লৈ উঠিব বুলিও দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে এই পার্কখনৰ যোগেদি ভৱিষ্যতে কাৰ্যকৰী কৰাৰ দাবী কৰা বিষয়বোৰ এনেধৰণৰ –

• প্ৰতি বছৰে ১৩ মিলিয়ন মেট্ৰিক টন কাৰ্গ’ সঞ্চালন।

• একত্ৰীকৃত শীতল ভাণ্ডাৰৰ সুবিধা প্ৰদান।

• স্থানীয় পৰ্যায়ত উৎপাদন সামগ্রীৰ প্ৰসাৰ সৰলীকৰণ।

• cargo, warehousing, custom আৰু parkingৰ সুবিধা এটা স্থানতে প্ৰদান কৰা।

অৱশ্যে এই প্ৰকল্পৰ নির্মাণ কাৰ্য কেতিয়া সমাপ্ত হ’ব; সেই সন্দৰ্ভত একো কথা উল্লেখ কৰা হোৱা নাই বিজ্ঞাপনটোত।

শেহতীয়া বাতৰি