সুদীৰ্ঘ ১৬৮২ দিনৰ অন্তত বাংলাদেশত অহেতুক আবদ্ধ দৰঙৰ যুৱক মুকুল হাজৰিকা অৱশেষত স্বগৃহত উপস্থিত হ'ল। চুবুৰীয়া ৰাষ্ট্ৰখনৰ বৰ্ডাৰ গাৰ্ডছৰ এটা দলে কোনো ৰিমাণ্ড অবিহনেই ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীক গতাই দিয়ে হাজৰিকাক।
পাকচক্ৰত পৰি অবৈধভাৱে প্ৰৱেশ কৰা হাজৰিকাক ত্ৰিপুৰা আৰক্ষীসহ পিতৃ ফুলেশ্বৰ হাজৰিকা, দৰঙৰ উপ–পৰিদদৰ্শক ডান্টেজিৎ দেউৰীৰ উপস্থিতিত গতাই দিয়ে সীমান্ত সুৰক্ষা বাহিনীক। পাছলৈ দক্ষিণ ত্ৰিপুৰা জিলাৰ বেলিয়নি আৰক্ষী থানাই মুকুলক অসম আৰক্ষীক অৰ্পণ কৰে।
নিশাটো আগৰতলাত কটাই মঙলবাৰে বিয়লি বৰঝাৰ বিমান বন্দৰ আহি উপস্থিত হয়। বিমান বন্দৰৰ পৰা নিজ গৃহলৈ ৰাওনা হয়। ২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মঙলদৈৰ জনাৰামচৌকাৰ মুকুল হাজৰিকা।
২০১৯ চনৰ নৱেম্বৰ মাহত মুকুল বাংলাদেশৰ কাৰাগাৰত থকাৰ বিষয়ে বাংলাদেশস্থিত ভাৰতীয় উচ্চায়ুক্তই দৰঙৰ আৰক্ষী অধীক্ষকসহ ৰাজ্যৰ প্ৰশাসনক অৱগত কৰিছিল। মুকুল হাজৰিকাক বাংলাদেশৰ পৰা উদ্ধাৰ কাৰ্যত নিজৰ গাঠিৰ ধন ভাঙি এজন অসমীয়া যুৱকক বাংলাদেশৰ পৰা ঘৰলৈ অনাৰ বাবে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাক সকলোৱে প্ৰশংসাৰে ওপচাই দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|